স্পৰ্টছ ডেস্ক, ২ মাৰ্চঃবাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত নিউজিলেণ্ডে সংগ্ৰহ কৰিলে নিজৰ টেষ্ট ক্ৰিকেটৰ সৰ্বাধিক ৰান । হেমিল্টন টেষ্টত ৭১৫ ৰান কৰি এই অভিলেখ গঢ়িবলৈ সক্ষম হয় দলটোৱে । নিউজিলেণ্ডে ৬ উইকেটৰ বিনিময়ত ৭১৫ ৰান নিজৰ প্ৰথম ইনিংছ ঘোষণা কৰে ।
টেষ্ট ক্ৰিকেটত অভিলেখ নিউজিলেণ্ডৰ - হেমিল্টন টেষ্ট
৭০০ ৰানেৰে গঢ়িলে টেষ্ট ক্ৰিকেটৰ সৰ্বাধিক ৰানৰ অভিলেখ
টেষ্ট ক্ৰিকেটত অভিলেখ নিউজিলেণ্ডৰ
নিউজিলেণ্ডৰ হৈ অধিনায়ক কেন উলিয়ামচনে দ্বি শতক অৰ্জন কৰাৰ বিপৰীতে জিত ৰাভেল আৰু টম লেথামে কৰে শতক । ২০০ ৰান কৰি অপৰাজিত থাকে কেন উলিয়ামচন । আনহাতে লেথামে ১৬১ আৰু জিৎ ৰাভেলে ১৩২ ৰান কৰিবলৈ সক্ষম হয় । টছত জয়ী প্ৰথমে বেটিং কৰি এই বৃহৎ স্কৰ কৰিবলৈ সক্ষম হয় নিউজিলেণ্ডে । ইপিনে বাংলাদেশ দলটোৰ প্ৰথম ইনিংছ ২৩৪ ৰানতে সামৰে । শেহতীয়া তথ্য় অনুসৰি তৃতীয় দিনৰ খেলৰ অন্তত বাংলাদেশে নিজৰ দ্বিতীয় ইনিংছত ৪ উইকেট হেৰুৱাই সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ১৭৪ ৰান । এতিয়াও ৩০৭ ৰান পিছ পৰি আছে বাংলাদেশ দলটো ।