অসম

assam

ETV Bharat / sports

আঁতৰিল আই চি চিৰ বিবাদমূলক বাউণ্ডেৰী নিয়ম,জিমী নিছামৰ টুইট

অৱশেষত আই চি চিয়ে বাতিল কৰিলে ছুপাৰ অভাৰৰ অত্যাধিক বাউণ্ডেৰীৰ নিয়মাৱলী ৷ বাউণ্ডেৰীৰ নিয়মাৱলীৰ ফলতেই আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ 2019 বিশ্বকাপৰ খিতাপ জয় লাভ কৰিছিল ইংলেণ্ডে ৷ এই নিয়ম আঁতৰ কৰাৰ পাচতেই নিউজিলেণ্ডৰ খেলুৱৈৰ প্ৰতিক্ৰিয়া ৷

By

Published : Oct 15, 2019, 8:45 PM IST

Newzealand neesham lashed out at icc after removing boundary rule

স্পৰ্টছ ডেস্ক, 15 অক্টোবৰ:নিউজিলেণ্ডৰ বিৰুদ্ধে ছুপাৰ অভাৰত অত্যাধিক বাউণ্ডেৰী মৰাৰ ফলত বিশ্ব চেম্পিয়ন হৈছিল ইংলেণ্ড ক্ৰিকেট দল ৷ এই নিয়মৰ বাবেই যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ৷ যাৰ পাচত চলিত বৰ্ষৰ 14 অক্টোবৰত আই চি চিয়ে বাতিল কৰিলে অত্যাধিক বাউণ্ডেৰী মৰাৰ নিয়মাৱলী ৷ আই চি চিৰ মুখ্য কাৰ্যবাহী সমিতিয়ে উল্লেখ কৰে যে,ছুপাৰ অভাৰ অব্যাহত থাকিলেও নাথাকিব অত্যাধিক বাউণ্ডেৰী মৰাৰ নিয়ম ৷ ইয়াৰ পাচতেই বিজেতা দলৰ সদস্য নিউজিলেণ্ডৰ খেলুৱৈ জিমী নিছামৰ ইতিকিং মূলক টুইট,

জিমী নিছামৰ টুইট

পৰৱৰ্তী এজেণ্ডা : টাইটানিকৰ ওপৰত এটা ভাল দূৰবিণ ৰখা ৰ দৰে যাতে বৰফৰ অৱস্থিতি ধৰা পৰে

আই চি চিয়ে উল্লেখ কৰিছিল যে,ছুপাৰ অভাৰ ক্ৰিকেটৰ বাবে উৎসাহজনক ৷ ফলাফল নিৰ্ণয়ৰ বাবেও এই নিয়ম সঠিক ৷ যাৰ বাবে এদিনীয়া আৰু টি-20 বিশ্ব কাপত এই নিয়ম অব্যাহত থাকিব ৷ যদিহে গ্ৰুপ স্তৰৰ ছুপাৰ অভাৰত মেচ ড্ৰ’ হয় তেন্তে টাই ঘোষণা কৰা হ’ব ৷ কিন্তু ছেমিফাইনেল আৰু ফাইনেলত এই নিয়মৰ কিছু সাল-সলনি কৰা হৈছে ৷ যেতিয়া লৈ যিকোনো এটা দল জয়ী নহয় তেতিয়ালৈ ছুপাৰ অভাৰ চলি থাকিব ৷

উল্লেখ্য যে,ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত বিশ্বকাপ ফাইনেল মেচখন ছুপাৰ অভাৰতো ড্ৰ’ত সমাপ্ত হৈছিল ৷ চূড়ান্ত মেচখনত ইংলেণ্ডে 26 টা আৰু নিউজিলেণ্ডে 17 টা বাউণ্ডেৰী কোবাইছিল আৰু অত্যাধিক বাউণ্ডেৰী মৰাৰ বাবে ইংলেণ্ডক বিজয়ী ঘোষণা কৰা হৈছিল ৷ যাৰ পাচতেই তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল আই চি চি ৷

ABOUT THE AUTHOR

...view details