অসম

assam

ETV Bharat / sports

দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হ’ব পাৰে ট্ৰেণ্ট বল্ট

নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাত নিউজিলেণ্ডৰ বাবে দুখবৰ ৷ আঘাতপ্ৰাপ্ত হৈ দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা বেগী বলাৰ ট্ৰেণ্ট বল্টৰ ৷

By

Published : Nov 25, 2019, 6:44 PM IST

দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হ’ব পাৰে ট্ৰেণ্ট বল্ট

স্পৰ্টছ ডেস্ক, 25 নৱেম্বৰ: নিউজিলেণ্ডৰ বাবে দুখবৰ ৷ ইংলেণ্ডৰ সৈতে চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টৰ পৰা বাহিৰ হ’ব পাৰে বেগী বলাৰ ট্ৰেণ্ট বল্ট ৷ প্ৰথমখন টেষ্টৰ পঞ্চম দিনা আঘাতৰ সন্মুখীন হয় খেলুৱৈগৰাকী ৷ সোঁফালে মাংসপেশীত আঘাতৰ সন্মুখীন হৈ খেলৰ মাজতেই খেলপথাৰ ত্যাগ কৰে খেলুৱৈগৰাকীয়ে ৷ পঞ্চম দিনা কেৱল এক অভাৰৰ বলিং কৰি খেলপথাৰ ত্যাগ কৰিছিল বল্টে ৷

দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা বেগী বলাৰ ট্ৰেণ্ট বল্ট

এতিয়া মঙলবাৰে খেলুৱৈগৰাকীৰ এম আৰ আই স্কেন কৰা হ’ব ৷ তাৰ পাচতেই খেলুৱৈগৰাকীৰ আঘাত কিমান গম্ভীৰ সেই বিষয়ে জানিব পৰা যাব ৷ গতিকে দ্বিতীয়খন টেষ্টত ট্ৰেণ্ট বল্টৰ খেলা নেখেলাক লৈ এতিয়া বিৰাজ কৰিছে অনিশ্চয়তা ৷ এক ৰোমাঞ্চক মেচত সোমবাৰে ইংলেণ্ডক পৰাস্ত কৰি নিউজিলেণ্ডে ইতিমধ্যে শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে চাওক-ডিব্ৰুগড়ত পুনৰ হাতীৰ মৃত্যু, এমাহত মৃত্যু 5 টা হাতীৰ

ABOUT THE AUTHOR

...view details