স্পৰ্টছ ডেস্ক, 1 মাৰ্চঃ খ্ৰীষ্টচাৰ্চত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত শক্তিশালী স্থিতিত ঘৰুৱা দল নিউজিলেণ্ড ৷ ভাৰতৰ প্ৰথম ইনিংছৰ বেটিংৰ দুৰ্বল প্ৰদৰ্শনৰ পাচতেই ভাৰতীয় বলিঙে কিছু সকাহ দিয়াৰ পাচতো দ্বিতীয় ইংনিছত পুনৰ ধৰাশায়ী হ’ল ভাৰতীয় বেটছমেন ৷ দ্বিতীয় ইনিংছত 90 ৰানতেই ভাৰতীয় দলটোৱে হেৰুৱালে 6 টাকৈ উইকেট ৷ বৰ্তমান দ্বিতীয় দিনৰ খেলৰ অন্তত ক্ৰীজত বৰ্তি আছে ঋষভ পন্ত(1)আৰুহনুমা বিহাৰী (5) ৷ ভাৰতে দ্বিতীয় ইনিংছত পৃথ্বী শ্ব’(14), ময়ংক আগৰৱাল (3), চেতেশ্বৰ পূজাৰা (24), বিৰাট কোহলি (14), অজ্যিংকা ৰাহানে (9) আৰু উমেশ যাদৱৰ (1) উইকেট হেৰুৱাইছে ৷ দ্বিতীয় ইনিংছত নিউজিলেণ্ডৰ হৈ সৰ্বাধিক 3টা উইকেট দখল কৰিবলৈ সক্ষম হৈয় ট্ৰেণ্ট বল্টে ৷
সংকটত টীম ইণ্ডিয়া ! - বিৰাট কোহলিট
দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছৰ পাচত দ্বিতীয় ইনিংছতো ভাৰতীয় বেটছমেনৰ দুৰ্বল প্ৰদৰ্শন ৷ দ্বিতীয় ইনিংছত 6 টা উইকেটৰ পতন ভাৰতৰ ৷ হুৱাইট ৱাছৰ সংশয় ৷ বৰ্তমানলৈকে 97 ৰানৰ অগ্ৰগতি ভাৰতৰ ৷
ইয়াৰ পূৰ্বে ভাৰতে প্ৰথম ইনিংছত242 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ ভাৰতৰ হৈ পৃথ্বী শ্ব’ (54), হনুমা বিহাৰী (55) আৰু চেতেশ্বৰ পূজাৰাই (54) ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হৈছিল ৷ ভাৰতৰ 242 ৰানৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডে নিজৰ প্ৰথম ইনিংছত 235 ৰান কৰিবলৈ সক্ষম হয় ৷ দলটোৰ হৈ সৰ্বাধিক 52 ৰান সংগ্ৰহ কৰে টম লেথামে ৷ সুন্দৰ আৰম্ভণিৰ পাচতো নিউজিলেণ্ড দলটো দ্বিতীয় দিনা ভাৰতীয় বলাৰৰ আগত ধৰাশায়ী হয় ৷ ভাৰতৰ হৈ মহম্মদ শ্বামীয়ে 4 টা, জছপ্ৰীত বোমৰাহই 3 টা, ৰবিন্দ্ৰ জাডেজাই 2 টা আৰু উমেশ যাদৱে 1 টা উইকেট লাভ কৰে ৷ বৰ্তমান ভাৰতীয় দলটোৱে প্ৰথম ইনিংছৰ 7 ৰানৰ বিনিময়ত 97 ৰানেৰে অগ্ৰগতি লাভ কৰি আছে ৷
ইতিমধ্যে ভাৰতীয় দলটোলৈ এতিয়া হুৱাইট ৱাছৰ সংকটে দেখা দিছে ৷ প্ৰথম টেষ্টত 10 উইকেটৰ শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল ভাৰত ৷