স্পৰ্টছ ডেস্ক, 11 ফেব্ৰুৱাৰী : নিউজিলেণ্ডৰ হাতত এদিনীয়া শৃংখলা হোৱাইট ৱাশ্বৰ সন্মুখীন হ'ল ভাৰতীয় দল ৷ টি-20 শৃংখলাত নিউজিলেণ্ডক হোৱাইট ৱাশ্ব কৰাৰ পাচত এদিনীয়া শৃংখলাত হোৱাইট ৱাশ্ব হয় ভাৰতীয় দল ৷ মঙলবাৰে বে অ'ভেলত অনুষ্ঠিত তৃতীয় এদিনীয়াত 5 উইকেটত পৰাস্ত হয় ভাৰতীয় দলটো ৷
তৃতীয় এদিনীয়াত পৰাস্ত ভাৰতীয় দল ভাৰতে বান্ধি দিয়া 297 ৰাণৰ লক্ষ্য অনুসৰণ কৰি নিউজিলেণ্ড দলে হেনৰী নিকলছ (80) আৰু কলিন ডি গ্ৰেণ্ডহোমৰ (58) সুন্দৰ বেটিঙৰ জৰিয়তে পাঁচ উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয় ৷ অ'পেনাৰদ্বয় মাৰ্টিন গুপটিল আৰু হেনৰী নিকলছেও প্ৰথম উইকেটৰ যুটীত 106 ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ে ৷ ভাৰতৰ হৈ য়ুজবেন্দ্ৰ চাহালে 47 ৰাণ খৰচ কৰি 3 টাকৈ উইকেট দখল কৰে ৷
প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ভাৰতীয় দলে ভাল আৰম্ভণি কৰিবলৈ সক্ষম নহয় ৷ মায়ংক আগৰৱাল (1) আৰু বিৰাট কোহলীয়ে (9) ৰাণ কৰি উইকেট হেৰুৱায় ৷ আনহাতে, অ'পেনাৰ পৃথ্বী শ্ব'য়ে 40 ৰাণ কৰি আউট হোৱাৰ ফলত ভাৰতে 62 ৰাণতে 3 টাকৈ উইকেট হেৰুৱায় ৷ ইয়াৰ পাচতে শ্ৰেয়াস আয়াৰ আৰু কে. এল. ৰাহুলে বেটিং কৰিবলৈ নামি 100 ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়িবলৈ সক্ষম হয় ৷ শ্ৰেয়াসে 62 ৰাণ কৰি জিম্মী নিছামৰ হাতত নিজৰ উইকেট হেৰুৱায় ৷ ৰাহুলে মনিশ পাণ্ডেৰ সৈতে দলৰ দায়িত্বভাৰ গ্ৰহণ কৰি শতক অৰ্জন কৰে ৷ ৰাহুলে 112 ৰাণ সংগ্ৰহ কৰাৰ লগতে পাণ্ডেই 42 ৰাণ সংগ্ৰহ কৰে ৷ নিউজিলেণ্ডৰ হৈ হামিছ বেনেটে 64 ৰাণ খৰছ কৰি 4 টা উইকেট দখল কৰে ৷
উল্লেখ্য যে, এদিনীয়া শৃংখলা অন্ত পৰাৰ পাচতে দুয়ো দলে 21 ফেব্ৰুৱাৰীৰ পৰা দুখনীয়া টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ৷
আৰু পঢ়ক : তৃতীয় এদিনীয়াঃ টছত জয় লাভ নিউজিলেণ্ডৰ, প্ৰথমে বেটিং ভাৰতৰ