বহু প্ৰত্য়াশিত বিশ্বকাপৰ পূৰ্বে শুকুৰবাৰে বিচিচিআইয়ে মুকলি কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্ছী । নতুন জাৰ্ছীত দেখা পোৱা গৈছে ভাৰতীয় দলৰ অধিনায়ক বিৰাট ক'হলি, প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী, সহঃ অধিনায়ক আজ্য়িংকা ৰাহানে, যুৱ খেলুৱৈ পৃথ্বী শ্ব'কে ধৰি আন মহিলা ক্ৰিকেটাৰ ।
বিশ্বকাপত ন-ৰূপত ব্লু বাহিনী - নতুন জাৰ্ছী
আগন্তুক বিশ্বকাপৰ বাবে নতুন জাৰ্ছী মুকলি ভাৰতীয় ক্ৰিকেট দলৰ
![বিশ্বকাপত ন-ৰূপত ব্লু বাহিনী](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2583854-514-e78c0cdb-1d2f-4b9c-a1f2-dde85c140ba8.jpg)
বিশ্বকাপত ন ৰূপত দেখা যাব ব্লু বাহিনীক
এই অনুষ্ঠানতেই জাৰ্ছীক লৈ প্ৰশ্ন কৰাত দুবাৰৰ বিশ্ব চেম্পিয়ন ধোনীয়ে ক'য় যে ভাৰতীয় দলৰ জাৰ্ছীয়ে তেওঁক তেওঁৰ জীৱনৰ শ্ৰেষ্ঠতম দিনৰ অৱলোকন কৰাই । লগতে ক'য় প্ৰত্য়েকখন মেচেই তেওঁৰ বাবে প্ৰেৰণাস্বৰূপ সেইয়া বিশ্বকাপে হওক অথবা অন্য় শৃংখলা ।
১৯৮৩ চনৰ বিশ্বকাপৰ কথা উল্লেখ কৰি কয়, পুৰণি ইতিহাস মনত কৰি গৰ্ব অনুভৱ কৰে বুলি উল্লেখ কৰে ধোনীয়ে। উল্লেখ্য় যে, ধোনীৰ নেতৃত্বতেই ২০০৭ চনত টি-২০ বিশ্বকাপ আৰু ২০১১ত এদিনীয়া বিশ্বকাপৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতে ।