অসম

assam

By

Published : May 23, 2020, 4:38 PM IST

ETV Bharat / sports

ভাৰতৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাত পূজাৰাক আউট কৰাৰ কৌশল বিচাৰিব লাগিব : কামিন্স

COVID-১৯ মহামাৰীৰ পাচত ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত অৱতীৰ্ণ হ'ব অষ্ট্ৰেলিয়া । চাৰিখন মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হ'ব অষ্ট্ৰলিয়াত । এই শৃংখলাক লৈ মন্তব্য প্ৰকাশ অষ্ট্ৰেলিয়াৰ বেগী বলাৰ পেট কামিন্সৰ ।

need to find a way to outlast dangerous cheteshwar pujara in the upcoming tour says pat cummins
need to find a way to outlast dangerous cheteshwar pujara in the upcoming tour says pat cummins

স্পৰ্টছ ডেস্ক, ২৩ মে': COVID-১৯ মহামাৰীৰ পাচতেই অষ্ট্ৰেলিয়াৰ গৃহভূমিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলিবলৈ ৰাওনা হ'ব ভাৰত । চাৰিখন মেচৰ টেষ্ট শৃংখলাত কেংগাৰু বাহিনীৰ বিৰুদ্ধে মুখামুখী হ'ব ভাৰতীয় ক্ৰিকেট দলটো । অৱশ্যে COVID-19 ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াও এই শৃংখলাক লৈ অনিশ্চয়তাই বিৰাজ কৰি আছে । কিন্তু শেহতীয়াকৈ এই শৃংখলাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অষ্ট্ৰেলিয়া তথা আইচিচি টেষ্ট ৰেকিঙৰ বিশ্বৰ ১ নম্বৰ খেলুৱৈ পেট কামিন্সে ।

কামিন্সে ক্ৰিকেট ডট কম ডট এইউক দিয়া এক মন্তব্যত কৈছে, পূজাৰাই (২০১৮-১৯) শৃংখলাত বৃহৎ ৰানৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছিল । তেওঁ এনে এজন খেলুৱৈ যিয়ে ক্ৰীজত তিষ্টি থাকিবলৈ বহু সময় অতিবাহিত কৰে । যাৰ বাবে চাপ তেওঁৰ ওপৰত অধিক প্ৰাধান্য লাভ নকৰে । তেওঁ যেনেকৈ বিগত সময়ত বেটিং কৰিছিল এইবাৰ তাক প্ৰতিহিত কৰিবলৈ ৰণকৌশল বিচাৰি উলিয়াব লাগিব ।

টেষ্ট শৃংখলাত পূজাৰাক আউট কৰাৰ কৌশল বিচাৰিব লাগিব : কামিন্স

ইয়াৰ লগতে কামিন্সে এইবাৰ পৰিস্থিতি অষ্ট্ৰেলিয়াৰ পক্ষত থাকিব বুলি আশা প্ৰকাশ কৰে । আনহাতে প্ৰত্যেকখন টেষ্ট মেচতে নিজৰ বলিঙৰ বিষয়ে কিছু শিকিবলৈ সক্ষম হোৱা বুলি কয় প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে । ২০১৮-১৯ শৃংখলাৰ পিচত প্ৰায় ১০ ৰ পৰা ১৫ খন টেষ্ট মেচত অংশ লোৱা বুলি উল্লেখ কৰি কামিন্সে কয় প্ৰত্যেক খন মেচতেই মই কিছু নহয় কিছু নতুন কথা শিকি পূৰ্বতকৈ নিজৰ বলিং উন্নত কৰিবলৈ সক্ষম হৈছো ।

ABOUT THE AUTHOR

...view details