অসম

assam

ETV Bharat / sports

শীঘ্ৰেই পিতৃত্বৰ গৌৰৱ লাভ কৰিব ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই

হাৰ্দিক পাণ্ডিয়া আৰু অভিনেত্ৰী নাতাশা ষ্টানকোভিচৰ জীৱনলৈ আহিব নতুন সদস্য । দেওবাৰে ইনষ্টাগ্ৰামত এক প'ষ্ট দি এই কথাৰ ইংগিত দিয়ে স্বয়ং অভিনেত্ৰীগৰাকীয়ে ।

By

Published : Jun 1, 2020, 3:44 PM IST

Natasa Stankovic, Hardik Pandya expecting their first child together
Natasa Stankovic, Hardik Pandya expecting their first child together

স্পৰ্টছ ডেস্ক, 1 জুন : দেওবাৰে ছ'চিয়েল মিডিয়াৰ যোগেদি নিজৰ অন্তঃসত্ত্বাৰ বিষয়ে অৱগত কৰে অভিনেত্ৰী নাতাশা ষ্টানকোভিচে । প্ৰথমটো সন্তানৰ বাবে বাগদত্তা হাৰ্দিক পাণ্ডিয়া আৰু নাতাশাই আগ্ৰহেৰে বাট চাই ৰৈছে বুলি ইনষ্টাগ্ৰাম যোগে প্ৰকাশিত কৰিছে স্বয়ং অভিনেত্ৰীগৰাকীয়ে ।

দেওবাৰে অভিনেত্ৰী ষ্টানকোভিচে তেওঁৰ আৰু হাৰ্দিক পাণ্ডিয়াৰ এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি উল্লেখ কৰিছিল, "হাৰ্দিক আৰু মই এতিয়া লৈকে একলেগে এক স্মৰণীয় যাত্ৰা অতিবাহিত কৰিছো,এতিয়া এই যাত্ৰা আৰু সুন্দৰ হ'বলৈ গৈ আছে । একেলগে, আমি এটা নতুন জীৱন আদৰিবলৈ অপেক্ষাৰত । আমাৰ যুগ্ম জীৱনৰ এই নতুন খোজৰ বাবে আমি অধিক আগ্ৰহী হৈ ৰৈছো । আপোনালোকৰ মৰম আৰু শুভেচ্ছা কামানা কৰিছো ।"

উল্লেখ্য যে, পাণ্ডিয়া আৰু ষ্টানকোভিচৰ যুগ্ম ফটোখনত অভিনেত্ৰীগৰাকীক গৰ্ভৱতী যেন অনুমান কৰিব পৰা গৈছে । এই প'ষ্টটো শ্বেয়াৰ কৰাৰ পাচতেই অতি কম সময়ৰ ভিতৰতেই 450k লাইক পাবলৈ সক্ষম হয়। ইয়াৰ পাচতেই বহু অনুৰাগী,শুভাকাংক্ষীয়ে দুয়োকে শুভেচ্ছা জ্ঞাপন কৰে । আনহাতে লক্ ডাউনৰ মাজতেই হাৰ্দিক পাণ্ডিয়া আৰু নাতাশা ষ্টানকোভিচে বিবাহ পাশত আবদ্ধ হোৱা বুলিও খবৰ বিয়পি পৰিছে ।

লগতে চাওকঃ "মহামাৰী নহয় , নৃত্য শ্বেয়াৰ কৰক "-ইউনিচেফ

ABOUT THE AUTHOR

...view details