স্পৰ্টছ ডেস্ক, 8 ফেব্ৰুৱাৰী :পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ নাছিৰ জামছেদে পাকিস্তান প্ৰীমিয়াৰ লীগত (PSL) সতীৰ্থ খেলুৱৈক উৎকোচ প্ৰদানৰ অভিসন্ধি কৰাৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাচতে 17 মাহৰ কাৰাদণ্ড লাভ কৰিছে ৷ ব্ৰিটিছ নাগৰিক য়ুছুফ আনৱাৰ আৰু মহম্মদ ইজাজৰ সৈতে 33 বৰ্ষীয় খেলুৱৈগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ডুবাইত অনুষ্ঠিত PSL, 2018ৰ ইছলামাবাদ ইউনাইটেড আৰু পেশ্বাৱৰ জালমিৰ মাজৰ মেচত খেলুৱৈক বেয়া প্ৰদৰ্শন কৰিবলৈ উদ্বুদ্ধ কৰা বুলি নাছিৰে জামছেদে অস্বীকাৰ কৰিছিল ৷
কিন্তু যোৱা বছৰৰ ডিচেম্বৰত মানচেষ্টাৰৰ এখন আদালতে তেওঁৰ লগতে আনৱাৰ আৰু ইজাজক দোষী সাব্যস্ত কৰে ৷ ইয়াৰ পাচতে আনৱাৰ আৰু মহম্মদে নিজৰ দোষ স্বীকাৰ কৰে ৷