অসম

assam

ETV Bharat / sports

কাশ্মীৰত ক্ৰিকেট একাডেমী খোলাৰ মন ধোনীৰ - ETV BHARAT ASSAM

কাশ্মীৰৰ যুৱকক বিনামূলীয়াকৈ ক্ৰিকেট শিকাবৰ বাবে ক্ৰিকেট একাডেমী খোলাৰ মন ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা টেৰিট'ৰিয়েল আৰ্মিৰ লেফটেনেন্ট কৰ্নেল মহেন্দ্ৰ সিং ধোনীৰ ৷

কাশ্মীৰত ক্ৰিকেট একাডেমী খুলিব মন ধোনীৰ

By

Published : Aug 13, 2019, 9:07 PM IST

শ্ৰীনগৰ,13 আগষ্ট: জম্মু-কাশ্মীৰত ক্ৰিকেটৰ প্ৰতিভা বিকাশৰ অৰ্থে আগবাঢ়ি আহিব মহেন্দ্ৰ সিং ধোনী ৷ জানিব পৰা মতে,কাশ্মীৰি যুৱকক বিনামূলীয়া ক্ৰিকেট শিকোৱাৰ অৰ্থে ক্ৰিকেট একাডেমী খুলিব বিচাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক গৰাকীয়ে ৷

ভাৰতীয় সেনাবাহিনীত নিজৰ কেৰিয়াৰৰ দ্বিতীয় ইনিংছ ইতিমধ্যে আৰম্ভ কৰিছে ধোনীয়ে ৷ সেনাবাহিনীৰ 106 নম্বৰ বেটেলিয়নত কৰ্মৰত ধোনীৰ কৰ্মস্থান এতিয়া কাশ্মীৰ ৷ জানিব পৰা মতে কাশ্মীৰৰ পৰা সেনাৰ ভূমিকাৰ উভতাৰ পাছতেই দেশৰ ক্ৰীড়ামন্ত্ৰীক চিঠিৰ জৰিয়তে কাশ্মীৰত ক্ৰিকেট একাডেমী প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিব ধোনীয়ে ৷

উল্লেখ্য় যে কাশ্মীৰত ধোনীৰ কাৰ্যকালৰ ম্যাদ 15 আগষ্ট পৰ্যন্ত ৷ 15 আগষ্টত নৱগঠিত কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত জাতীয় পতাকা উত্তোলনৰ অনুষ্ঠানত যোগদান কৰিব ধোনীয়ে ৷ আৰু এই অনুষ্ঠানৰ পাছতেই সেনাৰ কৰ্তব্যৰ পৰা উভতিব ধোনী ৷

ABOUT THE AUTHOR

...view details