স্পৰ্টছ ডেস্ক, 28 মে': চলিত বৰ্ষত অষ্ট্ৰেলিয়াত হ'বলগীয়া আইচিচি টি-20 বিশ্বকাপৰ 2022 চনলৈ স্থগিত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে-লগে বুধবাৰে নিশাৰ ভাগত টুইটাৰত সবাতোকৈ চৰ্চা লাভ কৰিছিল ধোনীৰ সন্ন্যাসৰ বিষয়টোৱে । কাৰণ বিশ্বকাপ বাতিল মানেই ভাৰতীয় দলত প্ৰত্যাৱৰ্তনৰ পথ অধিক জটিল হৈ পৰিব মহেন্দ্ৰ সিং ধোনীৰ ।
ধোনীৰ প্ৰত্যাৱৰ্তনৰ বাবে অনুৰাগীৰ বাবে আইপিএল অনিৰ্দিষ্ট কাললৈ স্থগিত হোৱাৰ পাচত একমাত্ৰ ভৰসা আছিল টি-20 বিশ্বকাপ । কিন্তু বিশ্বকাপৰ স্থগিত খবৰে যথেষ্ট চিন্তাত পেলাইছে ধোনীৰ অনুৰাগী সকলক । আনহাতে ইয়াৰ মাজতেই বুধবাৰে টুইটাৰত ট্ৰেণ্ডিং হ'বলৈ লৈছিল #DhoniRetires । ইয়াৰ পাচতেই ধোনীৰ পত্নী সাক্ষী ধোনীয়ে এক টুইট যোগে নিজৰ ক্ষোভ প্ৰকাশ কৰে ।