অসম

assam

By

Published : Jul 7, 2020, 9:07 AM IST

ETV Bharat / sports

39 বছৰীয়া হ'ল 'মাহী' : চাওঁ আহক তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ কৃতিত্বসমূহ

39 বছৰত ভৰি দিলে মহেন্দ্ৰ সিং ধোনীয়ে ৷ জন্মদিন উপলক্ষ্যে চাওঁ আহক তেওঁৰ বিশেষ কৃতিত্বসমূহ :

চাওঁ আহক ধোনীৰ ক্ৰিকেট কেৰিয়াৰৰ কৃতিত্বসমূহ
39 বছৰীয়া হ'ল 'মাহী'

স্পৰ্টছ ডেস্ক, 7 জুলাই :39 বছৰত ভৰি দিলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা 2011 চনৰ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ৷ 1981 চনৰ আজিৰ দিনটোতে ঝাৰখণ্ডৰ ৰাঁছীত জন্মগ্ৰহণ কৰা ধোনীৰ আগমনে ভাৰতীয় ক্ৰিকেটত এক নতুন ৰূপ প্ৰদান কৰিছিল ৷ বৰ্তমানো যুৱ প্ৰজন্মৰ আদৰ্শ এইগৰাকী মহান ক্ৰিকেটাৰক সকলোৱে 'কেপ্তেইন কুল' হিচাপে অভিহিত কৰিছিল ৷

মহেন্দ্ৰ সিং ধোনী

ধোনীৰ অধিনায়কত্বত ভাৰতে প্ৰতিটো ফৰমেটতে বিশ্বৰ আগশাৰীৰ খিতাপসমূহ দখল কৰিবলৈ সক্ষম হৈছিল ৷ 2009 চনৰ ডিচেম্বৰৰ পৰা 18 মাহৰ বাবে টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থান, 2011 চনত 50 অ'ভাৰৰ ক্ৰিকেটত বিশ্বকাপ দখল আৰু 2007 চনত অধিনায়ক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে টি-20 বিশ্বকাপ দখল কৰিছিল 'মাহী' হিচাপে সৰ্বজনবিদিত ভাৰতীয় ক্ৰিকেটৰ তাৰকা গৰাকীয়ে ৷

বিশ্বকাপজয়ী ভাৰতীয় দল

2004 চনত 23 বছৰ বয়সতে ধোনীয়ে ভাৰত A দলৰ হৈ নাইৰোবিত 50 অ'ভাৰৰ টুৰ্ণামেন্টত দুটাকৈ শতক অৰ্জন কৰিছিল ৷ ৰাহুল দ্ৰাবিডৰ পাচত ভাৰতীয় দলে এজন উইকেট-কীপাৰ বেটছমেনৰ সন্ধান কৰি আছিল আৰু দলৰ সেই অভাৱ পূৰণ কৰিবলৈ সক্ষম হৈছিল ধোনীয়ে ৷

মহেন্দ্ৰ সিং ধোনী

2005 চনত পাকিস্তানৰ বিৰুদ্ধে 148 ৰাণৰ ইনিংছ খেলি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিল ভাৰতৰ অন্যতম সফল অধিনায়কগৰাকী ৷ ইয়াৰ পাচতে ধোনীক সুবিধা দিবৰ বাবে সেই সময়ৰ অধিনায়ক গাংগুলীয়ে নিজৰ তৃতীয় স্থানৰ বেটিংক্ৰম ধোনীক প্ৰদান কৰিছিল ৷

মহেন্দ্ৰ সিং ধোনী

ইয়াৰ উপৰিও ধোনীৰ মাজত দেখা পাইছিল সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ গুণ ৷ ইয়াৰ পাচতে দেশৰ কিংবদন্তী ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু ৰাহুল দ্ৰাবিডে তেওঁৰ নাম টি-20 অধিনায়কৰ বাবে পোষকতা কৰিছিল ৷

লগতে পঢ়ক :সুযোগ লাভ কৰিলে ছেহৱাগ নহয় ৰোহিতৰ দ্বাৰা অ'পেনিং কৰাব গাংগুলীয়ে !

ধোনীক প্ৰদান কৰা প্ৰথমটো দায়িত্বতে তেওঁ দেশক উপহাৰ দিলে 2007 চনৰ টি-20 বিশ্বকাপ ৷ ধোনীৰ শান্ত-শিষ্ট স্বভাৱ আৰু নেতৃত্বক ক্ৰিকেট পৰিয়ালে প্ৰশংসা আগবঢ়ায় ৷ ইয়াৰ পাচতে ধোনীৰ অধিনায়কত্বত দেশে 2008 চনত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা, 2009 চনত নিউজিলেণ্ড আৰু শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলা দখল কৰে ৷

মহেন্দ্ৰ সিং ধোনী

2013 চনত ভাৰতে ICC চেম্পিয়নছ ট্ৰফীত নিজৰ দমন অব্যাহত ৰখাৰ লগতে টি-20 বিশ্বকাপ, 50 অ'ভাৰৰ বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফী দখল কৰা একমাত্ৰ অধিনায়ক হিচাপে পৰিগণিত হয় এম. এছ. ধোনী ৷

মহেন্দ্ৰ সিং ধোনী

2014 চনত বাংগালাদেশত টি-20 বিশ্বকাপৰ ফাইনেল পৰ্যন্ত দলক উন্নত কৰোৱাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল অধিনায়ক ধোনীয়ে ৷ অৱশ্যে ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে পৰাস্ত হৈছিল ভাৰতীয় দল ৷ আনহাতে, ধোনীৰ নেতৃত্বত ভাৰতীয় দলে 2015 চনৰ বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছিল ৷

মহেন্দ্ৰ সিং ধোনী

2014 চনৰ 30 ডিচেম্বৰত ধোনীয়ে টেষ্টৰ পৰা অৱসৰ ঘোষণা কৰিছিল আৰু দলৰ গুৰুদায়িত্ব বিৰাট কোহলীক প্ৰদান কৰিছিল ৷ ইয়াৰ তিনি বছৰ পাচতে তেওঁ এদিনীয়া আৰু টি-20 ফৰমেটৰো অধিনায়ক পদৰ পৰা অব্যাহতি লৈছিল ৷

আইপিএলত ধোনী

উল্লেখ্য যে, অন্তিমবাৰৰ বাবে ধোনীক 2019 বৰ্ষৰ বিশ্বকাপত ভাৰতীয় দলৰ জাৰ্ছী পৰিধান কৰা দেখা গৈছিল ৷ বৰ্তমানেও ধোনীয়ে অৱসৰ ঘোষণা কৰা নাই যদিও তেওঁ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা নাই ৷ 2020 চনত আইপিএলৰ জৰিয়তে ক্ৰিকেটলৈ তেওঁ প্ৰত্যাৱৰ্তন কৰিব বুলি অনুৰাগীসকলে আশা কৰি আছিল যদিও কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে এই লীগ মেচসমূহ স্থগিত ৰাখিব লগা হয় ৷

39 বছৰত ভৰি দিলে মহেন্দ্ৰ সিং ধোনীয়ে

বৰ্তমান সকলোৱে আশা কৰি আছে যে, COVID-19 ৰ অন্ত পৰাৰ পাচতে সকলোৰে প্ৰিয় ক্ৰিকেটাৰ গৰাকী দললৈ উভতিব ৷

লগতে পঢ়ক : কুইণ্টন ডিকক আৰু লওৰা ৱ'লবাৰ্টক দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ অফ দ্য় ইয়াৰ ঘোষণা

ABOUT THE AUTHOR

...view details