মহেন্দ্ৰ সিং ধোনী ৷ নীলা ৰঙৰ জাৰ্চীৰে পিঠিত 7 নম্বৰ লিখা থকা খেলুৱৈজনক আৰু দেখা নাযাব ক্ৰিকেটৰ 22 গজ ভূমিত৷ নীলা জাৰ্চীত দেখিবলৈ নাপাব ‘‘হেলিকপ্টাৰ শ্বট’’ অথবা বিদ্যুৎ গতিৰ সেই "ষ্টাম্পিং" ৷ কাৰণ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে ভাৰতীয় ক্ৰিকেট ইতিহাসৰ বৰ্তমানলৈ আটাইতকৈ সফলতম অধিনায়ক হিচাপে চৰ্চিত তথা উইকেট কীপাৰ বেটছমেন মহেন্দ্ৰ সিং ধোনীয়ে ৷ ধোনীৰ অনুৰাগী বাবে তেওঁ কেৱল এজন ক্ৰিকেটাৰে হৈ থকা নাছিল, আছিল এক আৱেগ ৷
1981 চনত তেতিয়াৰ বিহাৰ ৰাজ্যৰ অন্তৰ্গত আৰু বৰ্তমানৰ ঝাৰখণ্ড ৰাজ্যৰ ৰাঁচীত জন্ম লাভ কৰা ধোনীৰ স্কুলীয়া দিনত প্ৰথম পচন্দ আছিল ফুটবল খেল ৷ কিন্তু ভাগ্যই হয়তো নিশ্চিত কৰি ৰাখিছিল ধোনীৰ লক্ষ্য৷ 1998 চনত ধোনী নিৰ্বাচিত হৈছিল বিহাৰ ক্ৰিকেট দললৈ ৷ তাৰ পৰৱৰ্তী বছৰতেই প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটে ধোনীৰ ৷ বিহাৰৰ হৈ 1999 চনত ৰঞ্জী খেলত প্ৰথমবাৰলৈ অৱতীৰ্ণ হয় ধোনী৷
তাৰ পাচতেই ঘৰুৱা দায়িত্বৰ বাবে 2000 চনত ভাৰতীয় ৰে’লৱেত টীকট কালেক্টৰ পদত নিযুক্ত হয় ৷ কিন্তু প্লেটফৰ্ম নাম্বাৰ 8-ত "টিকট কালেক্ট" কৰা ধোনীয়েই যে এটা সময়ত ভাৰতৰ "ট্ৰফী কালেক্ট"ৰ হ’ব কোনেও হয়তো জনাই নাছিল ৷
2003 চনত 19 বছৰ অনুৰ্ধ্ব ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰা ধোনীৰ ভাৰতীয় দলত অভিষেক ঘটে 2004 চনত বাংলাদেশৰ বিৰুদ্ধে ৷ ঢাকাত খেলা প্ৰথমখন খেলত প্ৰথমটো বলতেই ৰান আউট ধোনী, শূন্যৰে কেৰিয়াৰ আৰম্ভ কৰা ধোনীৰ বাবে কিন্তু নিজৰ প্ৰতিভা আৰু দক্ষতাৰ উমান দিবলৈ অধিক সময়ৰ প্ৰয়োজন নহ’ল৷ নিজৰ পঞ্চমখন খেলত 123 টা বলত পাকিস্তানৰ বিৰুদ্ধে বিস্ফোৰক 148 ৰানৰ এক ইনিংছ৷ তাৰ পাচতেই দীঘল চুলিৰ যুৱ খেলুৱৈজন হৈ পৰিল ক্ৰিকেট প্ৰেমীৰ পৰিচিত ৷ তাৰ পাচতে ইখনৰ পাচত সিখন খেলত সফল "ফিনিছিঙে"ৰে নিজৰ অনুৰাগী বৃদ্ধি কৰিবলৈ সক্ষম হ’ল ধোনী ৷
2005 চনৰ 31 অক্টোবৰ, দিপাৱলীৰ আগদিনা, জয়পুৰত অনুষ্ঠিত হৈছিল শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলাৰ তৃতীয়খন খেল৷ 299 ৰানৰ কঠিন লক্ষ্য ভাৰতৰ সন্মুখত ৷ প্ৰথমটো অভাৰতে আউট হৈছিল সুন্দৰ ফৰ্মত থকা শচীন৷ তিনি নম্বৰত বেটিং কৰিব অহা ধোনীয়ে সেইদিনা দেশবাসীলৈ যেন আগবঢ়াইছিল দেৱালী এদিন পূৰ্বেই উদযাপন কৰাৰ সুবিধা ৷ 145 বলত 183 ৰানৰ এক অবিস্মৰণীয় ইনিংছ, যি ইনিংছে ভংগ কৰিছিল সেই সময়ৰ বহু কেইটা অভিলেখ৷ এই 183 ৰানৰ ইনিংছটোৱে হ’ল ধোনীৰ ব্যক্তিগত সৰ্বাধিক ৰান ৷ তাৰ পাচতেই যেন শচীন, সৌৰভ, ছেহৱাগ, দ্ৰাবিড়, যুৱৰাজৰ দৰেই অনুৰাগীৰ মনত বিশ্বাস জন্মাব সক্ষম হ’ল ধোনী ৷
ভাৰতীয় ক্ৰিকেটৰ অন্য এক জটিল সময় আহিছিল 2007 চনত ৷ বিশ্বকাপ ক্ৰিকেটৰ পৰা পাৰম্ভিক ৰাউণ্ডতেই বাহিৰ ভাৰত ৷ দলত উত্থান-পতন আৰম্ভ ৷ তেতিয়াৰ নেতৃত্বত থকা দ্ৰাবিড়ে এৰিলে দলৰ দায়িত্ব ৷ কিন্তু নেতৃত্বৰ বাবে আগবাঢ়ি নাহে কোনো জ্যেষ্ঠ খেলুৱৈ৷ তেতিয়াই শচীন তেণ্ডুলকৰে নিৰ্বাচকক ধোনীৰ নাম অনানুষ্ঠানিক ভাবে আগবঢ়ায় ৷
তাৰ পাচত দলীয় নেতৃত্বৰ দায়িত্ব লাভ কৰে ধোনীয়ে৷ তাৰ পাচতেই সফলতাক প্ৰতি খোজতে কঢ়িয়াবলৈ আৰম্ভ কৰে ধোনীয়ে ৷ অধিনায়ক হিচাপে প্ৰথম শৃংখলা, তাতেই বিশ্বকাপ ! এইয়া আছিল আইচিচি টি-20 বিশ্বকাপৰ প্ৰথম সংস্কৰণ ৷ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত এই বিশ্বকাপত ধোনীয়ে কেবাটাও সাহসী সিদ্ধান্তৰে নিজৰ দক্ষ নেতৃত্বৰ উমান দিছিল ৷ কোন ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে পাহৰিব পাৰিব টি-20 বিশ্বকাপৰ ফাইনেল অভাৰটোৰ কথা ? ক্ৰীজত আছিল দুৰ্দান্ত বেটিং কৰি থকা পাকিস্তানৰ মিছবাহ-উল-হক ৷ অন্তিম অভাৰত প্ৰয়োজনীয় 13 ৰান বচাবলৈ বল তুলি দিছিল ধোনীৰ লগত একে সময়তে অভিষেক ঘটোৱা যোগীন্দৰ শৰ্মাক ৷ জয়ী হৈছিল ধোনীৰ সেই সাহসী সিদ্ধান্ত ! মিছবাহ আউট, ভাৰতৰ শিৰত প্ৰথম বিশ্বকাপ ...৷ পিচদিনা সমগ্ৰ দেশৰ বাতৰিত প্ৰকাশিত হৈছিল ধোনীৰ নেতৃত্বৰ বন্দনা৷
বহুতেই এই সফলতাক ক’ব বিছাৰিছিল ধোনীৰ ভাগ্য হিচাপে ৷ তাৰ পাচতেই ধোনীয়ে এই সকলৰ ধাৰণা যে ভুল প্ৰতিপন্ন কৰিলে অষ্ট্ৰেলিয়াৰ দ্ৰুত বেগী পিট্চত "কমনৱেল্থ বেংক" শৃংখলাৰ একেৰাহে দুখনকৈ ফাইনেল জয় কৰি ৷
টেষ্ট ক্ৰিকেটতো ধোনীয়ে সৱল নেতৃত্বৰে দলক আগুৱাই নিলে বিশ্বৰ এক নম্বৰ স্থানলৈ ৷ ভাৰতৰ ক্ৰিকেট প্ৰেমীয়ে সপোন দেখিব ল’লে 28 বছৰ পাচত দ্বিতীয়বাৰলৈ বিশ্বজয়ৰ ৷
2011 চন, এচিয়া মহাদেশৰ তিনিখন আৰম্ভ হ’ল বিশ্বকাপ ৷ ভাৰতৰ মুম্বাইতে অনুষ্ঠিত হ’ব ফাইনেল ৷ তাতেই ক্ৰিকেটৰ ভগৱানলৈ পৰ্যবেক্ষিত হোৱা শচীনৰ গৃহভূমি মুম্বাই ৷ কেৰিয়াৰৰ বিয়লি বেলালৈ বিশ্ব জয়ৰ সোৱাদ নোপোৱা শচীনক বিশ্বকাপ উপহাৰ দিবলৈ ভাৰতীয় দলো যেন প্ৰতিজ্ঞাবদ্ধ ৷ ধোনীৰ শীতল মস্তিষ্কৰ নেতৃত্বৰে ফাইনেললৈ উপনীত টীম ইণ্ডিয়া, কিন্তু এই বিশ্বকাপত তেতিয়ালৈ শান্ত হৈ আছিল ধোনীৰ বেট ৷
ৱাংখাড়ে ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে 275 ৰাণৰ লক্ষ অতিক্ৰম কৰিলেই বিশ্ব জয়ৰ সুযোগ ভাৰতৰ হাতত৷ কিন্তু ইনিংছৰ আৰম্ভণিতেই ভাৰতক মোক্ষম আঘাত দিছিল মালিংগাই ৷ 31 ৰানতেই আউট ভাৰতৰ দুয়োগৰাকী প্ৰাৰম্ভিক বেটছমেন ৷ তাৰ পাচতেই গম্ভীৰ আৰু কোহলিয়ে ক্ৰীজত খোপনি পুতিব লওতেই আউট কোহলি৷ তাৰ পাচতেই সকলোকে আচৰিত কৰি ফৰ্মত থকা যুৱৰাজক পাচলৈ ঠেলি ক্ৰীজলৈ আহিল ধোনী ৷ তাৰ পাচৰ খিনি সকলোৰে বাবে পৰিচিত ইতিহাস হৈ ৰ’ল সকলো... কোৱাটো নিষ্প্ৰয়োজন ! ধোনীৰ বেটেৰে নুৱান কুলাছেখেৰাৰ বলত মিড্ অনত নিৰ্গত সেই ছয়েৰে ভাৰতৰ বিশ্বকাপ জয় ৷ জয়ৰ সেই সোণালী ক্ষণে প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট প্ৰেমীক আজিও গৌৰাৱান্বিত আৰু আৱেগিক কৰি তোলে ৷ সেয়ে হয়তো কিংবদন্তি খেলুৱৈ সুনীল গাভাস্কাৰে কৈয়েই পেলালে- "মৃত্যুৰ পূৰ্বে যদি শেষ ইচ্ছা কি সোধে মই তেতিয়া ধোনীৰ বেটেৰে নিৰ্গত বিশ্বজয়ী সেই ছয়টো চাব বিছাৰিম ৷" হয়তো এইয়া কেৱল গাভাস্কাৰৰেই নহয়, বহু ধোনী অনুৰাগীৰেই হ’ব এইয়া শেষ ইচ্ছা !
2013 চনত ধোনীৰ হাতলৈ আহিছিল আইচিচিৰ আন এক খিতাপ৷ সেয়া আছিল আইচিচি চেম্পিয়নছ ট্ৰফী-2013৷ যাৰ পাচত ধোনী বিশ্বৰ একমাত্ৰ অধিনায়ক হৈ পৰিছিল যাৰ শিৰত আছিল এদিনীয়া বিশ্বকাপ, টি20 বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফী ৷
ইংলেণ্ডত অনুষ্ঠিত এই শৃংখলাত ভাৰতৰ খিতাপ জয়তকৈয়ো ধোনীয়ে উপহাৰ দিছিল আন এক নতুনত্ব৷ সেয়া হৈছে বিশ্ব ক্ৰিকেটৰ আগশাৰীৰ অপেনিং যুটি ৰোহিত শৰ্মা আৰু শিখৰ ধাৱনৰ যুটি৷ সেই সময়ত ভাৰতৰ অপেনাৰক লৈ সমস্যাত পৰিছিল ভাৰতীয় দল ৷ তেতিয়াই ধোনীয়ে অপেনাৰ ৰূপে চিনাকী কৰালে ৰোহিত শৰ্মাক৷ আৰু বৰ্তমান ক্ৰিকেটত অপেনাৰৰ ৰূপত ৰোহিতৰ ভূমিকা সকলোৰে পৰিচিত ৷ কেৱল ৰোহিতেই নহয়, প্ৰতিভাৰ গৰাকীক সঠিক ভাবে চিনাক্ত কৰি আগবঢ়াই নিয়াত অতিকে নিপুণ আছিল অধিনায়ক ধোনী ৷অৱসৰৰ পাচত বিৰাট কোহলিৰ টুইতেও যেন প্ৰকাশ কৰে এই কথা ৷