অসম

assam

ETV Bharat / sports

'MS Dhoni is world-beater' : ধোনীৰ জন্মদিনত ব্ৰেভ'ৰ গান মুকলি - ৱেষ্ট ইণ্ডিজৰ অল ৰাউণ্ডাৰ দোৱাইনে ব্ৰেভ'

ভাৰতৰ প্ৰাক্তন অধিনায়ক এম. এছ. ধোনীৰ আজি 39 সংখ্যক জন্মদিন ৷ এই উপলক্ষ্যে এক নতুন গান মুকলি কৰিছে ৱেষ্ট ইণ্ডিজৰ অল ৰাউণ্ডাৰ দোৱাইনে ব্ৰেভ'ই ৷

ধোনী আৰু ব্ৰেভ'
ধোনীৰ জন্মদিনত ব্ৰেভ'ৰ গান মুকলি

By

Published : Jul 7, 2020, 10:23 AM IST

স্পৰ্টছ ডেস্ক, 7 জুলাই :ভাৰতৰ প্ৰাক্তন অধিনায়ক এম. এছ. ধোনীৰ আজি 39 সংখ্যক জন্মদিন ৷ এই উপলক্ষ্যে এক নতুন গান মুকলি কৰিছে ৱেষ্ট ইণ্ডিজৰ অল ৰাউণ্ডাৰ দোৱাইনে ব্ৰেভ'ই ৷

ধোনীৰ জন্মদিনত ব্ৰেভ'ৰ গান মুকলি

'Helicopter 7' নামৰ গীতটিৰ গীতিকাব্য এনেধৰণৰ : "MS Dhoni, number seven, MS Dhoni, number seven, all of Ranchi shouting Dhoni, all of India shouting Mahi, all of Chennai shouting Thala, MS Dhoni is a world-beater"(এম. এছ. ধোনী. 7 নম্বৰ জাৰ্ছী, এম. এছ. ধোনী. 7 নম্বৰ জাৰ্ছী, ৰাঁচীৰ সকলোৰে মুখত ধোনীৰ নাম, ভাৰতৰ সকলোৰে মুখত ধোনীৰ নাম, চেন্নাইবাসীৰ মুখত থালাৰ নাম, বিশ্বজয়ী এম. এছ. ধোনী ) ৷

গীতটিত এম. এছ. ধোনীয়ে তেওঁৰ ক্ৰিকেট কেৰিয়াৰত বৰ্তমানলৈকে সংগ্ৰহ কৰা সকলোবোৰ কৃতিত্বৰ বিষয়ে উল্লেখ কৰা হৈছে ৷ 'মাহী' খ্যাত ধোনীক সন্মানিত কৰিবৰ বাবে ব্ৰেভ'য়ে গীতটিত কিছু পুৰণা ভিডিঅ' ব্যৱহাৰ কৰাও পৰিলক্ষিত হয় ৷

পাকিস্তানৰ বিৰুদ্ধে 2005 চনত ধোনীয়ে প্ৰথমটো শতক অৰ্জন কৰিছিল আৰু ধোনীক তৃতীয় স্থানত বেটিং কৰিবলৈ সুযোগ প্ৰদান কৰা বাবে সেই সময়ৰ অধিনায়ক সৌৰভ গাংগুলীক গীতৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে ব্ৰেভ'ই ৷

উল্লেখ্য যে, আইপিএলৰ চেন্নাই ছুপাৰ কিংছ দলৰ সতীৰ্থ ধোনী আৰু ব্ৰেভ' ৷ দুয়ো খেলুৱৈৰ মাজত ভাল বন্ধুত্ব থকাৰ লগতে ব্ৰেভ'ই নিজৰ সাফল্যৰ বাবে বহু সময়ত ধোনীক ধন্যবাদ দিয়া দেখা যায় ৷

2011 চনৰ পৰা ব্ৰেভ' চেন্নাই দলৰ হৈ অংশগ্ৰহণ কৰি আহিছে ৷ দলটোৰ হৈ বৰ্তমানলৈকে তেওঁ 104 খন মেচ খেলাৰ লগতে 121 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰোপৰি তেওঁ 2013 আৰু 2015 চনত দুবাৰকৈ Purple Cap (আইপিএলত সৰ্বাধিক উইকেট) দখল কৰিবলৈও সক্ষম হৈছিল ৷

উল্লেখ্য যে, চেন্নাই ছুপাৰ কিংছে 2010, 2011 আৰু 2018 চনত ধোনীৰ নেতৃত্বত তিনিবাৰকৈ আইপিএলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক :39 বছৰীয়া হ'ল 'মাহী' : চাওঁ আহক তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ কৃতিত্বসমূহ

ABOUT THE AUTHOR

...view details