স্পৰ্টছ ডেস্ক, 20 জুনঃবৰ্তমান সময়ত কৰ'ণা ভাইৰাছৰ ফলত স্তব্ধ হৈ পৰিছে ভাৰতীয় ক্ৰিকেট । শেহতীয়াকৈ বিচিচিআইয়ে খেলুৱৈৰ প্ৰত্যাৱৰ্তনৰ বাবে ছয় সপ্তাহৰ এক দীৰ্ঘদিনীয়া অনুশীলন শিবিৰৰ আয়োজনৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । কিন্তু ইয়াৰ মাজতেই এই শিবিৰত মহেন্দ্ৰ সিং ধোনীয়ে অংশগ্ৰহণ কৰিব নে নকৰে তাক লৈ চলিছে চৰ্চা ।
অৱশ্য়ে বিচিচিআইয়ে জুলাই মাহৰ তৃতীয় সপ্তাহৰ শেষৰ ফালে হে এই অনুশীলন শিবিৰ আৰম্ভ কৰাৰ বাবে সঠিক সময় আৰু সঠিক স্থানৰ বাবে অপেক্ষা কৰি আছে । যদিহে এই শিবিৰ আয়োজন কৰা সম্ভৱ নহয় তেন্তে খেলুৱৈ সকলক আইপিএলৰ অনুশীলন শিবিৰলৈ পঠিওৱা হ'ব পাৰে ।
বৰ্তমানে ধোনীক লৈ প্ৰশ্ন উত্থাপন হৈছে কাৰণ ইতিমধ্য়ে কেন্দ্ৰীয় চুক্তি সূচীৰ পৰা প্ৰত্য়াহাৰ কৰা হৈছে ধোনীৰ নাম । কিন্তু শিবিৰ আৰম্ভ হ'লে পুলৰ বাহিৰৰো কিছুমান খেলুৱৈয়ে অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । সেয়েহে ধোনী থাকিব নে নাথাকে তাক লৈ উঠিছে প্ৰশ্ন ।
এই সন্দৰ্ভত নিৰ্বাচক মণ্ডলীৰ প্ৰাক্তন অধ্যক্ষ এমএছকে প্ৰসাদে এক সংবাদ সংস্থাক কৈছে, যদি টি-20 বিশ্বকাপ আয়োজন হয় তেন্তে সম্ভৱত ধোনীক দললৈ মাতি পঠিওৱা হ'ব । কিন্তু দ্বিপক্ষীয় খেলাৰ ক্ষেত্ৰত নিৰ্বাচক মণ্ডলীয়ে অন্য চিন্তা কৰিব বুলি উল্লেখ কৰে । দ্বিপক্ষীয় শৃংখলাৰ বাবে কে.এল ৰাহুল, ঋষভ পন্ত, সঞ্জু চেমছন উপলব্ধ বুলি কয় প্ৰসাদে । অৱশ্যে অনুশীলন শিবিৰত ধোনীৰ উপস্থিতি যুৱ খেলুৱৈৰ বাবে ফলদায়ক হ'ব বুলি মত পোষণ কৰে প্ৰসাদে ।