স্পৰ্টছ ডেস্ক, 10 নৱেম্বৰ:ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ভাৰতৰ প্ৰথমখন দিবা-নৈশ টেষ্ট মেচ ৷ বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন দিবা-নৈশ টেষ্ট মেচত অৱতীৰ্ণ হ’ব ভাৰতীয় দলটো ৷ মেচখনক লৈ ক্ৰিকেট এশ্ব’ছিয়েচন অফ বেংগলে শনিবাৰে টুইট কৰি জানিবলৈ দিয়ে যে, দিবা-নৈশ টেষ্টৰ বাবে 50 হাজাৰ দৰ্শক খেলপথাৰত সমবেত হোৱাৰ সম্ভাৱনা ৷
ভাৰত-বাংলাদেশ দিবা-নৈশ টেষ্টত 50 হাজাৰ দৰ্শকৰ সম্ভাৱনা - India's maiden day night test vs bangladesh
ভাৰত আৰু বাংলাদেশৰ মাজত ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব প্ৰথমখন দিবা-নৈশ টেষ্ট মেচ ৷ 22 ৰ পৰা 26 নৱেম্বৰলৈ চলিব লগা মেচখন 50 হাজাৰ দৰ্শকে উপভোগ কৰাৰ সম্ভাৱনা ৷
বৰ্তমানলৈকে অনলাইন যোগে 17 হাজাৰ টিকট বুকিং হৈছে বুলি জানিব পৰা গৈছে ৷ ইপিনে 14 নৱেম্বৰত 16 হাজাৰ টিকট কাউণ্টাৰত বিক্ৰীৰ বাবে মুকলি কৰা হ’ব ৷
এই মেচখনৰ বাবে ইতিমধ্যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আমন্ত্ৰণ জনোৱা হৈছে ৷ আনহাতে মমতা বেনাৰ্জীৰ লগতে মেচখনত শচীন তেণ্ডুলকাৰ, অভিনৱ বিন্দ্ৰা, ছানিয়া মিৰ্জা, পি.ভি সিন্ধু, এম চি মেৰী কমে অংশগ্ৰহণ কৰিব৷ লগতে ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত অৱতীৰ্ণ হোৱা প্ৰাক্তন বাংলাদেশী খেলুৱৈসকলকো আমন্ত্ৰণ কৰিব বিচিচিআইৰ নৱ নিযুক্ত অধ্যক্ষ সৌৰভ গাংগুলীয়ে ৷