স্পৰ্টছ ডেস্ক, 19 আগষ্টঃ আফগানিস্তাৰ উইকটকীপাৰ বেটছমেন মহম্মদ শ্বেহজাদৰ অনুৰাগীৰ বাবে দুঃখবৰ ৷ খেলুৱৈগৰাকীক 12 বছৰলৈ নিষেধাজ্ঞা আফগানিস্তান ক্ৰিকেট বৰ্ডৰ ৷ আচৰণ-বিধি উলংঘনৰ বাবেই আফগানিস্তান ক্ৰিকেট বৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
এক বছৰৰ বাবে নিষেধাজ্ঞা মহম্মদ শ্বেহজাদক
আফগানিস্তানৰ উইকেটকীপাৰ বেটছমেন মহম্মদ শ্বেহজাদক এক বছৰৰ বাবে নিষেধাজ্ঞা আফগানিস্তান ক্ৰিকেট বৰ্ডৰ ৷ ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ পৰা এক বছৰৰ বাবে অব্যাহতি শ্বেহজাদক ৷
আফগানিস্তান ক্ৰিকেট বৰ্ডে উল্লেখ কৰে যে, এইয়া প্ৰথমবাৰৰ বাবে নহয়, ইয়াৰ পূৰ্বেও আফগানিস্তান ক্ৰিকেট বৰ্ডে ধাৰ্য কৰা আচৰণ-বিধি উলংঘন কৰি আহিছে শ্বেহজাদে ৷ খেলুৱৈগৰাকীয়ে কেইবাবাৰো নীতি উলংঘন কৰি অনুমতিবিহীন ভাৱে বিদেশ ভ্ৰমণ কৰিছে ৷ আফগানিস্তান ক্ৰিকেট বৰ্ডৰ ফালৰ পৰা উপযুক্ত সা-সুবিধা দিয়া হৈছে ৷ গতিকে বিদেশ ভ্ৰমণ কৰাৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰে বৰ্ডে ৷
উল্লেখ্য যে,ফিটনেছ আৰু আঘাতৰ বাবেই বিশ্বকাপৰ পৰা বাহিৰ কৰা হৈছিল খেলুৱৈগৰাকীক ৷ যাৰ পিচত শ্বেহজাদে নিজকে সুস্থ বুলি উল্লেখ কৰি আফগানিস্তান ক্ৰিকেট বৰ্ডৰ সিদ্ধান্ত ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল ৷