স্পৰ্টছ ডেস্ক, 2 আগষ্ট :ভাৰতীয় মহিলা ক্ৰিকেটক বিশ্ব ক্ৰিকেটৰ শিখৰত উত্তীৰ্ণ কৰা এগৰাকী অন্যতম খেলুৱৈ হৈছে ভাৰতীয় মহিলা এদিনীয়া ক্ৰিকেট দলটোৰ অধিনায়ক মিতালী ৰাজ ৷ মিতালীৰ নেতৃত্বতেই ভাৰতে নিচেই কাষত দুবাৰকৈ উপনীত হৈও বিশ্বকাপৰ খিতাপ জয়ৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল ৷ 2017 চনৰ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ বিপৰীতে ইয়াৰ এটা বৰ্ষৰ পাচতেই টি-20 বিশ্বকাপৰ ছেমিফাইনেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছিল ভাৰতীয় মহিলা দলটো ৷
শেহতীয়াকৈ মিতালীয়ে এক স্পৰ্টছ সংবাদ মাধ্যমৰ কাৰ্যক্ৰমত কয়, 2013 চনত ভাৰতত যেতিয়া বিশ্বকাপ আয়োজন হৈছিল, ভাৰতে ছুপাৰ ছিক্সৰ দেওনাও পাৰ কৰিব পৰা নাছিল ৷ ইয়াৰ পাচত মই দুঃখিত হৈ পৰিছিলো ৷ তেওঁ লগতে কয়, মই ভাৱিছিলো 2017 ত পুনৰ চেষ্টা কৰিম ৷ মই বিশ্বকাপৰ বাবে যথেষ্ট কষ্ট কৰিছিলো ৷ এগৰাকী খেলুৱৈৰ লগতে এগৰাকী অধিনায়ক হিচাপে বহু হ’ম ৱৰ্ক কৰিছিলো ৷ আমি যেতিয়া 2017 ত ফাইনেলত উপনীত হৈছিলো মই ভাৱিছিলো খিতাপ জয় কৰি মই ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিম ৷