অসম

assam

ETV Bharat / sports

ছ'চিয়েল মিডিয়াত তিৰস্কাৰ কৰা অনুৰাগীক উচিত প্ৰত্যুত্তৰ মিথালী ৰাজৰ - এগৰাকী ব্যক্তিক উচিত প্ৰত্যুত্তৰ মিথালীৰ

ভাৰতীয় মহিলা ক্ৰিকেট তাৰকা মিথালী ৰাজে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁক তিৰস্কাৰ কৰা এগৰাকী ব্যক্তিক উচিত প্ৰত্যুত্তৰ দিয়ে ৷ মিথালীৰ ভাষাৰ ওপৰত মন্তব্য কৰাৰ বাবে তেওঁৰে অনুৰাগী এজনৰ ওপৰত ক্ষুদ্ধ হৈ পৰে তাৰকা খেলুৱৈগৰাকী ৷

মিথালী ৰাজ

By

Published : Oct 16, 2019, 8:24 PM IST

স্পৰ্টছ ডেস্ক, 16 অক্টোবৰ : ভাৰতীয় মহিলা ক্ৰিকেট তাৰকা মিথালী ৰাজে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁক তিৰস্কাৰ কৰা এগৰাকী ব্যক্তিক উচিত প্ৰত্যুত্তৰ দিয়ে ৷ মিথালীৰ ভাষাৰ ওপৰত মন্তব্য কৰাৰ বাবে তেওঁৰে অনুৰাগী এজনৰ ওপৰত ক্ষুদ্ধ হৈ পৰে তাৰকা খেলুৱৈগৰাকী ৷

মিথালী ৰাজ

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত 20 টাকৈ বছৰ সম্পূৰ্ণ কৰা মিথালীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত এদিনীয়া মেচৰ সময়তে এনেদৰে এগৰাকী অনুৰাগীৰ সমালোচনাৰ সন্মুখীন হয় ৷ অনুৰাগী গৰাকীয়ে মন্তব্য কৰে যে,তামিল পৰিয়ালৰ হৈও তেওঁ ইংৰাজী,হিন্দী আৰু তেলেগু ভাষা স্পষ্টকৈ কয় যদিও তামিল ভাষাতো উপেক্ষা কৰে ৷

ইয়াৰ পাছতে 36 বৰ্ষীয় ক্ৰিকেটাৰগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়,"তামিল মোৰ মাতৃভাষা ৷ মই ভালদৰে তামিল ক'ব জানো ৷ মই তামিলনাডুত বাস কৰি গৰ্বিত ৷" এই বাক্যকেইটা তামিল ভাষাতে লিখে মিথালী ৰাজে ৷

ইয়াৰ পাছতে তেওঁ কয়,"কিন্তু ইয়াৰ পূৰ্বে মই এগৰাকী গৰ্বিত ভাৰতীয় ৷ লগতে আপোনাৰ প্ৰতিদিনৰ সমালোচনা আৰু উপদেশসমূহে মোক আগবাঢ়ি যোৱাত সহায় কৰে ৷"

সোঁহতীয়া বেটছমেনগৰাকীয়ে এদিনীয়া ক্ৰিকেটত এটা দলক সৰ্বোচ্চবাৰৰ বাবে প্ৰতিনিধিত্ব কৰা একমাত্ৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৷ বৰ্তমানলৈকে তেওঁ 206 খনকৈ এদিনীয়া মেচত অংশগ্ৰহণ কৰিছে ৷

ABOUT THE AUTHOR

...view details