অসম

assam

ETV Bharat / sports

বিশ্বকাপত মিটচেল ষ্ট্ৰাকৰ অভিলেখ

ইংলেণ্ডৰ বিৰুদ্ধে পৰাজয়বৰণ কৰি বিশ্বকাপৰ পৰা বাহিৰ হ’ল অষ্ট্ৰেলিয়া ৷ অষ্ট্ৰেলিয়া বাহিৰ হ’লেও অভিলেখ ৰচিবলৈ সক্ষম হৈছে বেগী বলাৰ মিটচেল ষ্ট্ৰাকে ৷

বিশ্বকাপত মিটচেল ষ্ট্ৰাকৰ অভিলেখ

By

Published : Jul 12, 2019, 8:50 PM IST

স্পৰ্টছ ডেস্ক, 12 জুলাইঃ বৃহস্পতিবাৰে বাৰ্মিংহামত বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেলত মুখামুখি হৈছিল ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড ৷ মেচখনত ইংলেণ্ডৰ হাতত অষ্ট্ৰেলিয়াই 8 উইকেটত পৰাজয়বৰণ কৰি টুৰ্ণামেণ্টৰ পৰা বাহিৰ হয় যদিও দলটোৰ বেগী বলাৰ মিটচেল ষ্ট্ৰাকে গঢ়িবলৈ সক্ষম হয় বিশ্ব অভিলেখ ৷

বিশ্বকাপত মিটচেল ষ্ট্ৰাকৰ অভিলেখ

ষ্ট্ৰাকে মেচখনত 1 টা উইকেট দখল কৰাৰ লগে-লগে বিশ্বকাপৰ এটা এডিচনত সৰ্বাধিক উইকেট লোৱা খেলুৱৈৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷ মুঠ 27 টা উইকেটেৰে এই অভিলেখৰ কৃতিত্ব লাভ কৰে মিটচেল ষ্ট্ৰাকে ৷ ইয়াৰ পূৰ্বে 26 টা উইকেটৰে এই অভিলেখ আছিল অষ্ট্ৰেলিয়াৰে গ্লেন মেগ্ৰাথৰ নামত ৷ 2007 চনৰ বিশ্বকাপত এই অভিলেখ ৰচিছিল মেগ্ৰাথে ৷ ইপিনে 23 টা উইকেটেৰ তৃতীয় স্থানত আছে চামিণ্ডা ভাছ ৷ ইয়াৰ লগতে 23 টা উইকেটেৰে চামিণ্ডা ভাছৰ সৈতে যুটিয়া ভাৱে শ্বন টেট আৰু মুথয়া মুৰলীধৰণো আছে এই তালিকাত ৷

ABOUT THE AUTHOR

...view details