অসম

assam

ETV Bharat / sports

পাকিস্তানৰ প্ৰশিক্ষক মাইক হেছন!

আই পি এলৰ কিংছ ইলেভেনৰ মুখ্য প্ৰশিক্ষকৰ পদ ত্যাগৰ পাচতেই পাকিস্তানৰ ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দায়িত্বভাৰ গ্ৰহণৰ সম্ভাৱনা প্ৰকট হৈছে নিউজিলেণ্ড দলৰ প্ৰাক্তন প্ৰশিক্ষক মাইক হেছনৰ ৷

By

Published : Aug 9, 2019, 4:53 PM IST

পাকিস্তানৰ প্ৰশিক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ সম্ভাৱনা মাইক হেছনৰ

স্পৰ্টছ ডেস্ক, 9 আগষ্টঃ বিশ্বকাপত পাকিস্তান দলৰ নিৰাশাজনক প্ৰদৰ্শনৰ পাচতেই পাকিস্তান ক্ৰিকেট বৰ্ডৰ সিদ্ধান্ত ৷ মিকী আৰ্থাৰৰ প্ৰশিক্ষণৰ সময়সীমা বৃদ্ধি নকৰে পাকিস্তান ক্ৰিকেট বৰ্ডে ৷ পাকিস্তানৰ প্ৰশিক্ষক মিকী আৰ্থাৰৰ প্ৰশিক্ষণৰ সময়সীমা শেষ হোৱাৰ পিচতেই মাইক হেছনক প্ৰশিক্ষকৰ দায়িত্বভাৰ দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

পাকিস্তানৰ প্ৰশিক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ সম্ভাৱনা মাইক হেছনৰ

উল্লেখ্য যে, মিকী আৰ্থাৰৰ প্ৰশিক্ষণৰ সময়সীমা বৃদ্ধি নকৰাৰ সিদ্ধান্ত পোহৰলৈ অহাৰ পাচতেই কিংছ ইলেভেন পাঞ্জাৱৰ পৰা অব্যাহতি লৈছিল মাইক হেছনে ৷ লক্ষণীয় যে, ভাৰতীয় দলৰ প্ৰশিক্ষকৰ বাবেও অনুমোদন দাখিল কৰিছে হেছনে ৷

ABOUT THE AUTHOR

...view details