অসম

assam

ETV Bharat / sports

ৱাংখাড়ে ষ্টেডিয়ামক কোৱাৰেণ্টাইন স্থলীলৈ পৰিৱৰ্তনৰ প্ৰস্তাৱৰ সম্ভাৱনা MCAৰ

১৮৯৭ মহামাৰী আইনৰ অধীনত ব্ৰিহানমুম্বাই পৌৰনিগমৰ অধ্যক্ষৰ দ্বাৰা জাৰি কৰা নিৰ্দেশাৱলীৰ অনুসৰিয়ে ৱাংখাড়ে ষ্টেডিয়ামক হস্তান্তৰ কৰাৰ বাবে মুম্বাই ক্ৰিকেট এশ্ব'চিয়েছনলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল ব্ৰিহানমুম্বাই পৌৰনিগমে ।

MCA likely to offer Wankhede Stadium as quarantine facility for COVID-19 patients
MCA likely to offer Wankhede Stadium as quarantine facility for COVID-19 patients

By

Published : May 17, 2020, 3:45 PM IST

স্পৰ্টছ ডেস্ক, ১৭ মে': দেশত বৰ্তমানো অব্যাহত আছে কৰ'ণা ভাইৰাছৰ বিভীষিকা ৰূপ । আনহাতে ভাৰতৰ ভিতৰতেই আটাইতকৈ বেছি সংক্ৰমিত ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ । শেহতীয়াকৈ মুম্বাই ক্ৰিকেট এশ্ব'চিয়েছনে ব্ৰিহানমুম্বাই পৌৰনিগমক ৱাংখাড়ে ষ্টেডিয়ামক COVID-১৯ ৰ কোৱাৰেণ্টাইন স্থলীলৈ ৰূপান্তৰিত কৰাৰ এক প্ৰস্তাৱ দাঙি ধৰাৰ এক সম্ভাৱনা প্ৰকট হৈছে ।

শেহতীয়াকৈ মুম্বাই ক্ৰিকেট এশ্ব'চিয়েছনৰ পৰা এটা সংবাদ এজেঞ্চীক কয় যে, ব্ৰিহানমুম্বাই পৌৰনিগমৰ পৰা এক অনানুষ্ঠানিক আহ্বান লাভ কৰিছিল মুম্বাই ক্ৰিকেট এশ্ব'চিয়েছনে । য'ত ৱাংখাড়ে ষ্টেডিয়ামক কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ কথা উল্লেখ কৰা হৈছিল । সেই সন্দৰ্ভত মুম্বাই ক্ৰিকেট এশ্ব'চিয়েছনৰ সদস্য সকলৰ সৈতে হোৱা আলোচনাৰ পাচতেই মুম্বাই ক্ৰিকেট এশ্ব'চিয়েছনে সহায়ৰ সন্মতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ।

পূৰ্বতে ১৮৯৭ মহামাৰী আইনৰ অধীনত ব্ৰিহানমুম্বাই পৌৰনিগমৰ অধ্যক্ষৰ দ্বাৰা জাৰি কৰা নিৰ্দেশাৱলীৰ অনুসৰিয়ে ৱাংখাড়ে ষ্টেডিয়ামক হস্তান্তৰ কৰাৰ বাবে মুম্বাই ক্ৰিকেট এশ্ব'চিয়েছনলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল ব্ৰিহানমুম্বাই পৌৰনিগমে ।

মহাৰাষ্ট্ৰত বৰ্তমানলৈকে ৩০,৭০৬ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ১,১৩৫ জনকৈ লোক । আনহাতে মুম্বাইতো দিনক-দিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্য়া ।

ইয়াৰ পূৰ্বে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান আৰু গৌৰি খানে তেওঁলোকৰ কাৰ্যালয়ৰ মুকলি ঠাইখিনি বিএমচিলৈ কোৱাৰেণ্টাইনৰ বাবে প্ৰদান কৰিছিল ।

ABOUT THE AUTHOR

...view details