অসম

assam

ETV Bharat / sports

বিশেষভাৱে সক্ষম ছাত্ৰক সম্ভাষণ ময়ংক আগৰৱালৰ

দ্বিতীয়টো দ্বিশতক অৰ্জন কৰাৰ পাচতে বিশেষভাৱে সক্ষম ছাত্ৰৰ সৈতে মিলিত হয় ময়ংক আগৰৱালে ৷ বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টেষ্টতে 243 ৰাণৰ ইনিংছ গঢ়ে ময়ংকে ৷

By

Published : Nov 16, 2019, 1:48 AM IST

বিশেষভাৱে সক্ষম ছাত্ৰৰ এটা দলৰ সৈতে মিলিত হ'ল অ'পেনাৰ ময়ংক আগৰৱাল

স্পৰ্টছ ডেস্ক, 15 নৱেম্বৰঃ বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ প্ৰথম ইনিংছত 243 ৰাণৰ ইনিংছ গঢ়াৰ পিছতে বিশেষভাৱে সক্ষম ছাত্ৰৰ এটা দলৰ সৈতে মিলিত হ'ল অ'পেনাৰ ময়ংক আগৰৱাল ৷ উল্লেখ্য যে, আগৰৱালৰ দ্বিশতকৰ জৰিয়তে ভাৰতে 6 টা উইকেট হেৰুৱাই 493 ৰাণ সংগ্ৰহ কৰিছে ৷ ইয়াৰ ফলত ভাৰতে 343 ৰাণত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ ময়ংক আগৰৱালৰ উপৰি আজ্যেংকা ৰাহানে আৰু ৰবীন্দ্ৰ জাদেজাই ক্ৰমে 86 আৰু 60 ৰাণৰ ইনিংছ গঢ়ে ৷

বিশেষভাৱে সক্ষম সংস্থাটোৰ এগৰাকী কৰ্মচাৰী সঞ্জয় পণ্ডিতে জানিবলৈ দিয়া অনুসৰি, মেচখনৰ বাবে তেওঁলোকক পাছ প্ৰদান কৰা হৈছিল ৷ প্ৰায় 20 গৰাকী ছাত্ৰই মেচখন উপভোগৰ বাবে ষ্টেডিয়ামলৈ আহিছিল ৷ "ছাত্ৰসকলে টিকট লাভ কৰি সুখী হৈ পৰে ৷ তেওঁলোকে ময়ংকৰ ইনিংছ উপভোগ কৰে" সঞ্জয়ে কয় ৷

ইন্দোৰ ৰাউণ্ড টেবুল নামৰ বেচৰকাৰী সংস্থাটোৰ সদস্য মোহিত ভাৰ্গৱাই কয়, "আমি মধ্য প্ৰদেশ ক্ৰিকেট এছ'চিয়েছনক টিকেটৰ বাবে অনুৰোধ জনাইছিলো আৰু তেওঁলোকে টিকেট প্ৰদান কৰে ৷ তেওঁলোকৰ মুখত হাঁহি দেখিবলৈ পাই আমি সুখী হৈছো ৷"

আৰু পঢ়ক : মধ্যপ্ৰদেশৰ চাটনাত বাছ দূৰ্ঘটনা : 5 জন নিহত

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details