অসম

assam

ETV Bharat / sports

ভাৰত-বাংলাদেশ প্ৰথমখন টেষ্ট: ময়ংক আগৰৱালৰ দ্বি-শতক - ভাৰত বাংলাদেশ টেষ্ট শৃংখলা 2019

ভাৰত আৰু বাংলাদেশৰ মাজত চলি থকা প্ৰথমখন টেষ্টত ময়ংক আগৰৱালৰ চমক প্ৰদৰ্শন ৷ দ্বিতীয় দিনা অৰ্জন কেৰিয়াৰৰ দ্বিতীয়টো দ্বি-শতক ৷

ভাৰত-বাংলাদেশ প্ৰথমখন টেষ্ট: ময়ংক আগৰৱালৰ দ্বি-শতক

By

Published : Nov 15, 2019, 7:09 PM IST

স্পৰ্টছ ডেস্ক, 15 নৱেম্বৰ: বাংলাদেশৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত ময়ংক আগৰৱালৰ দুৰ্দান্ত প্ৰদৰ্শন ৷ টেষ্ট খনৰ দ্বিতীয় দিনা দ্বি-শতক অৰ্জন ময়ংক আগৰৱালৰ ৷ টেষ্ট কেৰিয়াৰৰ দ্বিতীয়টো দ্বি-শতক খেলুৱৈগৰাকীৰ ৷ 303 টা বলত দ্বি-শতক অৰ্জন কৰিবলৈ সক্ষম হয় ময়ংকে ৷ ময়ংকে 330 টা বলত 243 ৰান কৰি পেভেলিয়নমুখী হয় ৷ তেওঁৰ এই ইনিংছত থাকে 28 টা চাৰি আৰু 8 টা ছয় ৷ বিগত 5 টা ইনিংছত ময়ংকৰ এইটো তৃতীয়টো শতক ৷ ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশাখাপট্টনমত 215 ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হৈছিল ময়ংকে ৷

কেৰিয়াৰৰ দ্বিতীয়টো দ্বি-শতক ময়ংকৰ

এটা বৰ্ষত দ্বিতীয়টো দ্বি-শতক অৰ্জন কৰি বিৰেন্দ্ৰ ছেহৱাগৰ অভিলেখৰ সমপৰ্যায় লাভ কৰিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকীয়ে ৷ আনহাতে বাংলাদেশৰ বিৰুদ্ধে দ্বি-শতক অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয় খেলুৱৈ হ’ল ময়ংক ৷ ইয়াৰ পূৰ্বে 2004 চনত শচীন তেণ্ডুলকাৰে, বিৰাট কোহলিয়ে 2017 ত দ্বি-শতক অৰ্জন কৰিছিল ৷

ভাৰত-বাংলাদেশ প্ৰথমখন টেষ্ট

ইন্দোৰত অনুষ্ঠিত হৈ থকা মেচখনত ভাৰতে বৰ্তমান 343 ৰানৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ ময়ংকে 243 ৰান কৰাৰ বিপৰীতে চেতেশ্বৰ পূজাৰাই 54, ৰোহিত শৰ্মা 6, বিৰাট কোহলি 0, অজ্যিংকা ৰাহানে 86, ঋদ্ধিমান শ্বাহা 12 ৰানৰ বৰঙণি আগবঢ়ায় ৷ বৰ্তমান ক্ৰীজত বৰ্তি আছে ৰবিন্দ্ৰ জাডেজা60 আৰু উমেশ যাদৱ 25 ৰানকৰি ক্ৰীজত বৰ্তি আছে ৷

ইয়াৰ পূৰ্বে বাংলাদেশ দলটোৱে প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত মাত্ৰ 150ৰানত অল আউট হৈছিল ৷

লগতে চাওক- ভাৰত-বাংলাদেশ প্ৰথম টেষ্ট: প্ৰথম ইনিংছত ধৰাশায়ী বাংলাদেশ

ABOUT THE AUTHOR

...view details