স্পৰ্টছ ডেস্ক, 7 জানুৱাৰীঃগুৱাহাটীত বৰষুণৰ বাবে অভাৱনীয় পৰিস্থিতিৰ ফলত প্ৰথমখন টি-20 বাতিল হোৱাৰ পাচতেই আজি ইন্দোৰত হ’লকৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ মাজত দ্বিতীয়খন টি-20 মেচ ৷ এতিয়া দুয়োটা দলৰ বাবেই শৃংখলাত গুৰুত্বপূৰ্ণ কথা হ’ল যে, এখন মেচ বাতিল হোৱাৰ বাবে দল সমূহৰ হাতত অধিক সাল-সলনিৰ পৰিসৰ নাইকিয়া হ’ল ৷ ফলত ভাৰতীয় দলত ছঞ্জু ছেমচনৰ স্থান পোৱাক লৈ পুনৰ অনিশ্চয়তাই বিৰাজ কৰিছে ৷ প্ৰথমখন মেচতো ছেমচনক স্থান দিয়া হোৱা নাছিল ৷ গতিকে দুয়োটা দলেই প্ৰথমখন মেচ জয় লাভৰে শৃংখলাত অপৰাজয় হৈ থকাৰ উচিত চেষ্টা চলাব ৷
ইন্দোৰ ষ্টেডিয়ামত বৰ্তমানলৈকে এখন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচেই অনুষ্ঠিত হৈছে ৷ 2017 চনৰ 22 ডিচেম্বৰত শ্ৰীলংকা আৰু ভাৰতৰ মাজতেই অনুষ্ঠিত হৈছিল একমাত্ৰ টি-20 মেচখন ৷ য’ত ভাৰতে 88 ৰানৰে বিশাল জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷