অসম

assam

ETV Bharat / sports

ভাৰতত মেচ ফিক্সিঙক অপৰাধ ঘোষণা কৰাটো প্ৰভাৱশালী পদক্ষেপ হ'ব : ICC ACU

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ আৰু দুৰ্নীতি দমন ইউনিট (ACU) ৰ মতে, ভাৰতত মেচ ফিক্সিঙক অপৰাধ ঘোষণা কৰাটো প্ৰভাৱশালী পদক্ষেপ হিচাপে উপনীত হ'ব ।

Match fixing law will be a game-changer in India: ICC official
Match fixing law will be a game-changer in India: ICC official

By

Published : Jun 25, 2020, 3:58 PM IST

স্পৰ্টছ ডেস্ক, 25 জুনঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ আৰু দুৰ্নীতি দমন ইউনিট (ACU) ৰ মতে, ভাৰতত মেচ ফিক্সিঙক অপৰাধ হিচাপে ঘোষণা কৰিব লাগে । অপৰাধ ঘোষণা কৰিবলৈ সক্ষম হ'লে ভাৰতত এইয়া এক প্ৰভাৱশালী পদক্ষেপ হ'ব বুলি কয় । কাৰণ যি দেশত কঠোৰ আইন নোহোৱাৰ বাবে বৰ্তমানে আৰক্ষীৰ হাত বান্ধ খাই আছে ।

আইন বিশেষজ্ঞ সকলেও ভাৰতত মেচ ফিক্সিঙক অপৰাধ হিচাপে ঘোষিত কৰিবলৈ যুগ-যুগ ধৰি কৈ আহিছে কাৰণ দুৰ্নীতি গতিবিধি ৰোধৰ ন্যায় প্ৰক্ৰিয়া চলায় যোৱাৰ সময়ত আইনৰ দ্বাৰা বিষয়ববীয়া হাতত বান্ধ খাই থাকে ।

শ্ৰীলংকাত মেচ ফিক্সিং অপৰাধ

আইচিচিৰ দুৰ্নীতি দমন ইউনিটৰ সমন্বয়ক ষ্টিভ ৰিজাৰ্চডনে কয়, "এতিয়া কোনো আইন নাই ভাৰতত । আমাৰ ভাৰতৰ আৰক্ষীৰ সৈতে মধুৰ সম্পৰ্ক আছে যদিও তেওঁলোকৰ হাত বান্ধ খাই আছে । আমি দুৰ্নীতিকাৰীৰ সকলো প্ৰয়াস বিফল কৰিবলৈ যথোপযুক্ত চেষ্টা চলাম । আমি তেওঁলোকক স্বতন্ত্ৰ ভাৱে সঞ্চালন কৰিবলৈ নিদিও, যিমান দূৰ সম্ভৱত হয় । তেওঁলোকৰ বাবেও কঠিন কৰি তুলিম পৰিস্থিতি" ।

ৰিচাৰ্ডচনে কয় যে, "যদি এই আইন ভাৰতত বলৱৎ হয় তেন্তে পৰিস্থিতি সলনি হৈ পৰিব । এতিয়া আমি প্ৰায় 50 টা ঘটনাৰ তদন্ত কৰি আছো । ইয়াৰ অধিক ঘটনা হৈছে ভাৰতৰ । যদি ভাৰতে মেচ ফিক্সিঙক লৈ আইন প্ৰণয়ন কৰে তেন্তে খেলখনক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এইটো এটা প্ৰভাৱশালী পদক্ষেপ হ'ব" ।

ভাৰতে আগন্তুক তিনিটা বৰ্ষত দুখনকৈ আইচিচিৰ প্ৰতিযোগিতা আয়োজন কৰিব আছে । যাৰ বাবে ৰিচাৰ্ডচেন ভাৰত চৰকাৰক মেচ ফিক্সিঙৰ ওপৰত এক আইন বনাবলৈ আহ্বান জনাইছে । যেনেকৈ শ্ৰীলংকাই 2019 চনত দুৰ্নীতি গতিবিধিক অপৰাধ হিচাপে ঘোষণা কৰা দক্ষিণ এছিয়াৰ প্ৰথম দেশ হিচাপে চিহ্নিত হৈছে ।

ভাৰতত 2021 ত টি-20 বিশ্বকাপ আৰু 2023 চনত এদিনীয়া বিশ্বকাপৰ আয়োজন কৰা হ'ব । ৰিচাৰ্ডচন আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড ACU ৰ প্ৰমুখ্য় অজিত সিঙৰ এক পেনেল বৈঠকত অংশগ্ৰহণ কৰিছিল । যাৰ বিষয় বস্তু আছিল "ভাৰতত মেচ ফিক্সিঙক অপৰাধ ঘোষণা কৰাৰ প্ৰয়োজন আছে ।"

ৰিচাৰ্ডচনে এনেধৰণৰ আইনৰ জৰিয়তে খেলুৱৈৰ লগতে দুৰ্নীতি কৰা লোক সকলক বাধা প্ৰদান কৰিব পৰা যাব বুলি কয়, যি বৰ্তমানে মুক্ত ভাৱে ঘূৰি আছে । তেওঁ লগতে কয়, অতি কমেও আঠজন লোকৰ নাম ভাৰতৰ আৰক্ষী আৰু ভাৰত চৰকাৰক দিব পাৰিম বুলি দাবী উত্থাপন কৰে । যিয়ে সঘনাই অপৰাধ আৰু মেচ ফিক্সিং কৰাবলৈ খেলুৱৈৰ সংস্পৰ্শলৈ অহাৰ চেষ্টা কৰি আহিছে ।

ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া অজিত সিঙে স্বীকাৰ কৰিছে যে মেচ ফিক্সিঙৰ বাবে ভাৰতত উচিত আইন নাই ।

ABOUT THE AUTHOR

...view details