স্পৰ্টছ ডেস্ক, 6 ছেপ্তেম্বৰঃ নিউজিলেণ্ডৰ বিৰুদ্ধে অন্তিমখন টি-20 মেচত অভিলেখ গঢ়িলে শ্ৰীলংকাৰ লাচিথ মালিংগাই ৷ আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটত দখল কৰা প্ৰথমগৰাকী খেলুৱৈ হ’ল লাচিথ মালিংগা ৷ কুলিন মুনৰুৰ উইকেট দখল কৰি আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটত 100 টা উইকেট সম্পূৰ্ণ কৰে মালিংগাই ৷ লগতে চাৰিটা বলত চাৰিটা উইকেট দখল কৰি হেট-ট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হয় মালিংগাই ৷ কুলিন মুনৰু, টিম চাইফৰ্ট, হামিছ ৰুদাৰফৰ্ড, কলিন ডি-গ্ৰেণ্ডহোম, ৰুছ টেইলৰৰ উইকেটেৰে মুঠ 5 টা উইকেট দখল কৰে মালিংগাই ৷
হেটট্ৰিক সহ টি-20 ক্ৰিকেটত লাচিথ মালিংগাৰ উইকেটৰ শতক - Malinga Takes Four in Four,
বেটিঙৰে নহয় বলিঙেৰে শতক অৰ্জন শ্ৰীলংকাৰ লাচিথ মালিংগাৰ ৷ হেটট্ৰিক অৰ্জনৰ লগতে আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটত 100 টা উইকেট দখল কৰা প্ৰথমগৰাকী খেলুৱৈ হ’ল লাচিথ মালিংগা ৷
পালেকেলে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত প্ৰথমে বেটিং কৰি শ্ৰীলংকা দলটোৱে 8 উইকেটৰ বিনিময়ত 125 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ শ্ৰীলংকাৰ হৈ সৰ্বাধিক 30 ৰান কৰে দানুস্কা গুণাথিলাকাই ৷ নিউজিলেণ্ডৰ হৈ সৰ্বাধিক 3টা উইকেট লাভ কৰে মিটচেল চেণ্টনাৰে ৷ ইয়াৰ প্ৰত্যুত্তৰত কেৱল 88 ৰানতেই অল আউট হয় নিউজিলেণ্ড দলটো ৷ মেচখনত মালিংকাই 4 অভাৰত 6 ৰান দি 5 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ অন্তিমখন টি-20 মেচখনত পৰাজয়বৰণ কৰিলেও 2-1 ৰে শৃংখলা নিজৰ দখললৈ নিবলৈ সক্ষম হয় নিউজিলেণ্ড ৷ মেচখনত লাচিথ মালিংগাই মেন অফ দ্য মেচ সন্মান লাভ কৰাৰ বিপৰীতে মেন অফ দ্য চিৰিজৰ খিতাপ লাভ কৰে নিউজিলেণ্ডৰ টিম ছাউদিয়ে ৷