অসম

assam

ETV Bharat / sports

কেতিয়াও হাৰ নমনা খেলুৱৈ আছিল কুম্বলে : লক্ষ্মণ - অনিল কুম্বলে

ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন খেলুৱৈ ভি.এছ.এছ লক্ষ্মণৰ প্ৰাক্তন সতীৰ্থ খেলুৱৈ অনিল কুম্বলেক লৈ গুৰুত্বপূৰ্ণ মন্তব্য়। অনিল কুম্বলেৰ প্ৰশংসা কৰি খেলুৱৈগৰাকীৰ টুইটাৰত এক প'ষ্ট ।

Laxman hails never give up trait of Anil Kumble
Laxman hails never give up trait of Anil Kumble

By

Published : Jun 1, 2020, 8:14 PM IST

স্পৰ্টছ ডেস্ক, 1 জুনঃ ভাৰতীয় প্ৰাক্তন টেষ্ট অধিনায়ক অনিল কুম্বলেৰ প্ৰশংসা ভাৰতীয় ক্ৰিকেট দলৰে সতীৰ্থ খেলুৱৈ ভি.এছ.এছ লক্ষ্মণৰ । কুম্বলেক এজন মহান খেলুৱৈ আখ্য়া দি সকলো সময়তে নিজৰ দায়িত্ব পালনৰ বাবে সাজু থকা বুলি উল্লেখ কৰে লক্ষ্মণে ।

লক্ষ্মণে শেহতীয়াকৈ জানিবলৈ দিয়ে যে, তেওঁ কিছু দিনৰ বাবে সেই সকল খেলুৱৈক ৰোমন্থন কৰি যাব যাৰ সৈতে তেওঁ ক্ৰিকেট খেলি আহিছিল। সোমবাৰে তাৰে পৰিপেক্ষিতত লক্ষ্মণে কুম্বলেক মন পেলাই কিছু কথা অৱগত কৰি খেলুৱৈগৰাকীৰ প্ৰশংসা কৰে । লক্ষ্মণে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 2002 চনৰ এণ্টিগা টেষ্টৰ এখন ফটো শ্বেয়াৰ কৰে টুইটাৰত । এই টেষ্ট মেচখনতেই ভঙা মুখমণ্ডল লৈ পুনৰ খেলপথাৰত এক যুঁজাৰু হিচাপে প্ৰত্যাৱৰ্তন কৰিছিল অনিল কুম্বলেয়ে ।

লক্ষ্মণে টুইট কৰি কয়, প্ৰতিটো অৰ্থতেই কুম্বলে এজন ডাঙৰ মহান খেলুৱৈ। বহু প্ৰতিবন্ধকতাকো নেওচি সদায় আগবাঢ়ি গৈছিল । লগতে সকলো সময়তে নিজৰ দায়িত্ব পালন কৰিছিল। এই ছবিখনতেই তেওঁৰ ভিতৰত থকা ধৈৰ্য,সাহসৰ কথা অনুমেয়। কেতিয়াও হাৰ নমনা খেলুৱৈগৰাকীৰ এই বিশেষত্বই কুম্বলেক সেই ক্ৰিকেটাৰ বনাইছে যিটো তেওঁ হয় ।

2002ত অনুষ্ঠিত সেই টেষ্ট মেচখনত মুখমণ্ডলত আঘাতপ্ৰাপ্ত হৈছিল কুম্বলে। পিচত মুখত বেণ্ডেজ মাৰি পুনৰ খেল পথাৰত নামিছিল খেলুৱৈগৰাকী । আনহাতে সেই অৱস্থাতে ধাৰাবাহিক ভাৱে 14 অভাৰ বল কৰিছিল কুম্বলেয়ে । কুম্বলেৰ নামত ভাৰতৰ হৈ 132 খন টেষ্ট মেচত 619 টা উইকেট আছে । আনহাতে এদিনীয়াত 271 খন মেচত 337 টা উইকেট ।

লগতে পঢ়কঃ ডুমডুমাৰ বাইপাছত টায়াৰ জ্বলাই পথ অৱৰোধ

ABOUT THE AUTHOR

...view details