স্পৰ্টছ ডেস্ক, 12 নৱেম্বৰ : বৃহস্পতিবাৰে মুম্বাই আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত ডাৰেক্টৰেট অৱ ৰেভিনিউ ইন্টেলিজেন্সৰ (DRI) জেৰাৰ সন্মুখীন হ'ল মুম্বাই ইণ্ডিয়ানছৰ ক্ৰিকেটাৰ ক্ৰুনাল পাণ্ডিয়া ৷ উল্লেখ্য যে, আইপিএলত অংশগ্ৰহণ কৰি ডুবাইৰ পৰা বিমানেৰে মুম্বাইত উপস্থিত হোৱাৰ সময়তে DRI ৰ জেৰাৰ সন্মুখীন হ'বলগা হয় অল ৰাউণ্ডাৰগৰাকী ৷ অধিক পৰিমাণৰ সোণ আৰু অন্যান্য মূল্যৱান সামগ্ৰী কঢ়িয়াই নিয়া বাবে DRI য়ে জেৰা কৰে ক্ৰুনাল পাণ্ডিয়াক ৷
মুম্বাই বিমানবন্দৰত DRI ৰ জেৰাৰ সন্মুখীন ক্ৰুনাল পাণ্ডিয়া - মুম্বাই ইণ্ডিয়ানছৰ ক্ৰিকেটাৰ ক্ৰুনাল পাণ্ডিয়া
মুম্বাই আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত DRI ৰ জেৰাৰ সন্মুখীন হ'ল ক্ৰুনাল পাণ্ডিয়া ৷ ডুবাইৰ পৰা আইপিএলত অংশগ্ৰহণ কৰি ঘূৰি আহোতে DRI ৰ জেৰাৰ সন্মুখীন হয় পাণ্ডিয়া ৷
ক্ৰুনাল পাণ্ডিয়া
সূত্ৰৰ মতে, চোৰাংচোৱা সংস্থাটোৱে ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ পৰা অতিৰিক্ত সোণ উদ্ধাৰ কৰে ৷ অতিৰিক্ত ব্যয়বহুল সামগ্ৰী কঢ়িয়াই অনা বাবে পাণ্ডিয়াৰ পৰা নথি-পত্ৰ দাবী কৰি জেৰা কৰে চোৰাংচোৱা সংস্থাটোৱে ৷
লগতে পঢ়ক :অষ্ট্ৰেলিয়াত উপস্থিত হ'ল ভাৰতীয় ক্ৰিকেট দল