স্পৰ্টছ ডেস্ক, 30 মাৰ্চ : ভাৰতীয় ক্ৰিকেটাৰ তথা পাণ্ডিয়া ভাতৃদ্বয় হাৰ্ডিক আৰু ক্ৰুনালে দেওবাৰে দেশবাসীক উদ্দেশ্যি এক বাৰ্তা প্ৰেৰণ কৰিছে ৷ কৰ'ণা ভাইৰাছে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰাৰ সময়তে দেশবাসীক নিজ ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ আহ্বান জনায় দুই ভাতৃয়ে ৷
টুইটাৰৰ জৰিয়তে ক্ৰুনালে পোষ্ট কৰা এক ভিডিঅ'ত তেওঁ আৰু কনিষ্ঠ ভাতৃ হাৰ্ডিকক লকডাউনৰ বাবে ঘৰতে ক্ৰিকেট খেলি থকা প্ৰত্যক্ষ কৰা হয় ৷
ইয়াৰ পাচতে ক্ৰুনালে কয়, "সকলো সুৰক্ষিত থাকক ৷ ঘৰৰ পৰা ওলাই নাযাব, মোৰ আৰু মোৰ পৰিয়ালৰ দৰেই আপোনালোকেও ঘৰৰ ভিতৰতে থাকি আনন্দ কৰিব পাৰে ৷ সকলোকে লকডাউন মানি চলিবলৈ আহ্বান জনাইছো আৰু কৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰো আহক ৷"
উল্লেখ্য যে, লকডাউনৰ ফলত বিশ্বৰ বিভিন্ন স্থানৰ প্ৰায় সকলোবোৰ ক্ৰীড়া স্থগিত ৰখা হৈছে ৷ আনহাতে,13 তম সংস্কৰণৰ আইপিএলো 15 এপ্ৰিল পৰ্যন্ত পিছুৱাই দিয়া হৈছে ৷