অসম

assam

ETV Bharat / sports

ভাৰতৰ সফলতম টেষ্ট অধিনায়ক ‘‘বিৰাট কোহলি’’ - TEST CRICKET

ভাৰতীয় ক্ৰিকেট দলৰ সফলতম টেষ্ট অধিনায়ক হিচাপে পৰিগণিত হ’ল বিৰাট কোহলি ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত জয় লাভেৰে শৃংখলা দখল কৰাৰ লগতে এই কৃতিত্ব লাভ কৰিবলৈ সক্ষম হয় কোহলিয়ে ৷

ভাৰতৰ সফলতম টেষ্ট অধিনায়ক ‘‘বিৰাট কোহলি’’

By

Published : Sep 3, 2019, 2:52 PM IST

Updated : Sep 3, 2019, 4:43 PM IST

স্পৰ্টছ ডেস্ক, 3 ছেপ্তেম্বৰঃৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা দুখন মেচৰ টেষ্ট শৃংখলাত 'ক্লীন চুইপেৰে' এক নতুন কৃতিত্বৰ অধিকাৰী হ’ল ভাৰতৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলি ৷ বেটেৰে বহু অভিলেখ গঢ়িবলৈ সক্ষম হোৱা বিৰাটৰ নামত এইবাৰ খোদিত হ’ল ভাৰতীয় টেষ্ট ক্ৰিকেটৰ আটাইতকৈ সফলতম অধিনায়কৰ অভিলেখ ৷ মহেন্দ্ৰ সিং ধোনীৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব অৰ্জন কৰিলে খেলুৱৈগৰাকীয়ে ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জামাইকাত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত জয় লাভৰ লগে-লগেই এই অভিলেখ ৰচে কোহলিয়ে ৷ কোহলিৰ এইখন আছিল 28 সংখ্যক টেষ্ট মেচত জয় লাভ ৷

  • অধিনায়ক
  • মেচ
  • জয়
  • পৰাজয়
  • ড্ৰ’
  • জয়ৰ হাৰ
বিৰাট কোহলি 48 28 10 10 58.33%
মহেন্দ্ৰ সিং ধোনী 60 27 18 15 45.00%
সৌৰভ গাংগুলী 49 21 13 15 42.86%
মহম্মদ আজহাৰুদ্দিন 47 14 14 19 29.79%
মনচুৰ আলী খান পাটাউদী 40 09 19 12 22.50%
সুনীল গাভাস্কাৰ 47 09 08 30 19.15%

ইপিনে বিদেশৰ ভূমিতো টেষ্ট ক্ৰিকেটত জয় লাভৰ ক্ষেত্ৰত প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে বিৰাট কোহলিয়ে ৷

সৌৰভ গাংগুলীৰ অভিলেখ ভংগ

গাংগুলীয়ে বিদেশৰ ভূমিত 28 খন টেষ্ট মেচৰ 11 খনত জয় লাভ কৰাৰ বিপৰীতে কোহলিয়ে 27 খন টেষ্ট মেচৰ 13 খনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷ ধোনীৰ অৱসৰৰ পাচতেই 2014 চনৰ পৰা ভাৰতীয় টেষ্ট ক্ৰিকেটৰ অধিনায়কৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল বিৰাট কোহলিয়ে ৷

Last Updated : Sep 3, 2019, 4:43 PM IST

ABOUT THE AUTHOR

...view details