স্পৰ্টছ ডেস্ক, 30 মে': ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ফৰ্বছ আলোচনীৰ 2020 চনৰ 100 গৰাকী সৰ্বোচ্চ উপাৰ্জনকাৰী এথলীটৰ তালিকাত স্থান লাভ কৰিছে ৷ প্ৰায় 26 মিলিয়ন আমেৰিকান ডলাৰৰ (24 মিলিয়ন আমেৰিকান ডলাৰ বিজ্ঞাপন আৰু 2 মিলিয়ন দৰমহা) সৈতে কোহলীয়ে 30 টাকৈ স্থান জপিয়াই 66 সংখ্যক স্থান লাভ কৰিছে ৷ 2019 চনত বেটছমেন গৰাকীয়ে সৰ্বোচ্চ উপাৰ্জনকাৰী 100 জন এথলীটৰ তালিকাত স্থান লাভ কৰা একমাত্ৰ ভাৰতীয় ক্ৰিকেটাৰ আছিল ৷
এই বছৰৰ শীৰ্ষস্থান দখল কৰিছে ছুইডেনৰ তাৰকা টেনিছ খেলুৱৈ ৰ'জাৰ ফেডেৰাৰে ৷ যোৱা 12 মাহত তেওঁ উপাৰ্জন কৰিছে 106.3 মিলিয়ন আমেৰিকান ডলাৰ ৷ পূৰ্বে শীৰ্ষ স্থান লাভ কৰা পৰ্টুগীজ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ'নাল্ডোক এই বছৰ পিছ পেলাই ফেডেৰাৰে ৷
ফেডেৰাৰৰ পাচতে থকা ৰ'নাল্ডোৰ উপাৰ্জন 105 মিলিয়ন আমেৰিকান ডলাৰ ৷ ইয়াৰ পাচতে আছে লিয়নেল মেছি (104 মিলিয়ন আমেৰিকান ডলাৰ) আৰু নেইমাৰ (95.5 মিলিয়ন আমেৰিকান ডলাৰ) ৷