অসম

assam

ETV Bharat / sports

সৌৰভ গাংগুলীৰ অভিলেখ ভংগ বিৰাট কোহলিৰ

আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ হ’ল বৰ্তমানৰ অধিনায়ক বিৰাট কোহলি ৷

By

Published : Aug 11, 2019, 11:29 PM IST

Updated : Aug 12, 2019, 12:50 AM IST

সৌৰভ গাংগুলীৰ অভিলেখ ভংগ বিৰাট কোহলিৰ

স্পৰ্টছ ডেস্ক, 11 আগষ্টঃ বিৰাট কোহলি নামত খোদিত হ’ল আন এক নতুন অভিলেখ ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলি থকা দ্বিতীয়খন এদিনীয়াত বিৰাট কোহলিয়ে ভংগ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ অভিলেখ ৷ বৰ্তমান শচীন তেণ্ডুলকাৰৰ পাচতেই আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ হৈছে বিৰাট ৷ 238 খন এদিনীয়াত এই অভিলেখ গঢ়িব সক্ষম হৈছে বিৰাটে ৷ ইয়াৰ পূৰ্বে এই অভিলেখ আছিল 311 খন আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত মেচত 11,363 ৰানেৰে সৌৰভ গাংগুলীৰ নামত ৷ শচীনৰ নামত আছে 18426 ৰান ৷

সৌৰভ গাংগুলীৰ অভিলেখ ভংগ বিৰাট কোহলিৰ

উল্লেখ্য যে, এই মেচখনত 42 তম শতক অৰ্জন কৰি 120 ৰান কৰি পেভিলিয়নমুখী হয় বিৰাট ৷ এই মেচখনতেই এক 26 বছৰীয়া অভিলেখো ভংগ কৰে বিৰাটে ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰি পাকিস্তানৰ প্ৰাক্তন অধিনায়ক জাৱেদ মিয়াদাদৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে বিৰাট কোহলিয়ে ৷

Last Updated : Aug 12, 2019, 12:50 AM IST

ABOUT THE AUTHOR

...view details