অসম

assam

ETV Bharat / sports

জাভেদ মিঞাঁদাদৰ অভিলেখ ভংগ কৰাৰ দিশে কোহলী

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সৰ্বাধিক ৰাণৰ অভিলেখ গঢ়াৰ দিশে বিৰাট কোহলী ৷ এই অভিলেখৰ বাবে কোহলীক প্ৰয়োজন মাথো 19 ৰাণৰ ৷

বিৰাট কোহলী

By

Published : Aug 11, 2019, 4:24 PM IST

স্পৰ্টছ ডেস্ক, 11 আগষ্ট : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়ালৈ ভাৰতীয় দল সাজু হোৱাৰ সময়তে পাকিস্তানৰ জাভেদ মিঞাঁদাদৰ অভিলেখ ভংগৰ দিশে আগবাঢ়িছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সৰ্বাধিক ৰাণ সংগ্ৰহৰ 26 বছৰ পুৰণি অভিলেখ ভংগ কৰিব কোহলীয়ে ৷ এই অভিলেখ গঢ়িবলৈ কোহলীক প্ৰয়োজন মাথো 19 ৰাণৰ ৷

জাভেদ মিঞাঁদাদৰ অভিলেখ ভংগ কৰাৰ দিশে কোহলী

উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 64 টা ইনিংছত মিঞাঁদাদে 1930 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে কোহলীয়ে বৰ্তমানলৈকে 33 টা ইনিংছত 1912 ৰাণ সংগ্ৰহ কৰিছে ৷

বিৰাট কোহলী আৰু এম.এছ. ধোনী

আগষ্টৰ 8 তাৰিখৰ প্ৰথমখন এদিনীয়া বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হৈছিল ৷ আনহাতে, ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা তিনিখনীয়া শৃংখলাৰ টি - 20 ত ভাৰতে ৱেষ্ট ইণ্ডিজক 3 - 0 ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ৷

বিৰাট কোহলী

ABOUT THE AUTHOR

...view details