অসম

assam

ETV Bharat / sports

টি-20ত এহেজাৰ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম অধিনায়ক কোহলী

টি-20 মেচত এহেজাৰ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম অধিনায়ক হিচাপে পৰিগণিত হৈছে কোহলী ৷ অধিনায়ক হিচাপে 30 সংখ্যক ইনিংছত এই মাইলষ্টোন সংগ্ৰহ কৰে খেলুৱৈগৰাকীয়ে ৷

নতুন অভিলেখ স্থাপন
বিৰাট কোহলী

By

Published : Jan 8, 2020, 7:36 PM IST

স্পৰ্টছ ডেস্ক, 8 জানুৱাৰী : ইন্দোৰত অনুষ্ঠিত দ্বিতীয় টি-20 ত শ্ৰীলংকাক 7 উইকেটত পৰাস্ত কৰি ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে বছৰটোৰ সফল আৰম্ভণি কৰিছে ৷ দলটোৰ সফলতাৰ উপৰি কোহলীয়ে গঢ়িবলৈ সক্ষম হৈছে অন্য এক অভিলেখ ৷ যাদুকৰী বেটছমেন গৰাকীয়ে টি-20 ক্ৰিকেটত 1,000 ৰাণ সংগ্ৰহ কৰা দ্ৰুততম অধিনায়ক হিচাপে পৰিগণিত হৈছে ৷ মঙলবাৰে হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত কোহলীয়ে অপৰাজিতভাৱে 30 ৰাণ সংগ্ৰহ কৰাৰ পাচতে এই অভিলেখৰ গৰাকী হয় ৷ উল্লেখ্য যে,প্ৰথমখন টি-20 মেচ বৰষুণৰ বাবে বিঘ্নিত হোৱাৰ পাচত দ্বিতীয় মেচত ভাৰতীয় দলে শ্ৰীলংকাক 7 উইকেটত পৰাস্ত কৰে ৷

বিৰাট কোহলী

কোহলীয়ে 30 সংখ্যক টি-20 আন্তৰাষ্ট্ৰীয় ইনিংছত এই মাইলষ্টোন সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ এই মাইলষ্টোন সংগ্ৰহ কৰা তেওঁ দ্বিতীয় ভাৰতীয় আৰু মহেন্দ্ৰ সিং ধোনীৰ পাচত ষষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৷ উল্লেখ্য যে, 62 খন টি-20 ত অধিনায়ক হিচাপে ধোনীয়ে 1,112 ৰাণ সংগ্ৰহ কৰিছে ৷ ইয়াৰ পূৰ্বে অধিনায়ক হিচাপে ফাফ ডু প্লেছি (40 খন মেচত 1,273 ৰাণ), কেন উইলিয়ামছন (39 খন মেচত 1,083 ৰাণ), ইয়ন মৰ্গান (43 খন মেচত 1,013 ৰাণ) আৰু আয়াৰলেণ্ডৰ উইলিয়াম পৰ্টাৰফিল্ডে (56 খন মেচত 1,002 ৰাণ) সংগ্ৰহ কৰিছে ৷

বিৰাট কোহলী আৰু লাচিথ মালিংগা

শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় মেচতে ভাৰতীয় অধিনায়ক গৰাকীয়ে দলৰ সতীৰ্থ ৰোহিত শৰ্মাকো অতিক্ৰম কৰিবলৈ সক্ষম হয়৷ বৰ্তমানলৈকে টি-20 মেচত বেটছমেন কোহলীয়ে 71 টা ইনিংছত 2,663 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ 2019 চনত দুয়োগৰাকী ভাৰতীয় ক্ৰিকেটাৰে টি-20 মেচত 2,633 ৰাণ সংগ্ৰহেৰে যুটীয়াভাৱে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে বছৰটোৰ সামৰণি মাৰে ৷ উল্লেখ্য যে,শ্ৰীলংকাৰ বিৰুদ্ধে চলিত টি-20 শৃংখলাত ভাৰতে 1-0ত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ তৃতীয় তথা অন্তিম টি-20 মেচত শুকুৰবাৰে দুয়ো দলে পুনেত মুখামুখি হ'ব ৷

আৰু পঢ়ক : মালয়েছিয়া মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডত ছাইনা,সিন্ধু

For All Latest Updates

ABOUT THE AUTHOR

...view details