স্পৰ্টছ ডেস্ক, 20 অক্টোবৰ:ভাৰতীয় টেষ্ট দলৰ নতুন অপেনাৰ বেটছমেন ৰোহিত শৰ্মাৰ নামত খোদিত হ’ল বহু কেইটা অভিলেখ ৷ ৰাঁচী টেষ্টত কেৰিয়াৰৰ প্ৰথমটো দ্বি-শতক অৰ্জন কৰাৰ লগতে দ্বিপাক্ষিক শৃংখলাত আটাইতকৈ সৰ্বাধিক ছয় মৰা খেলুৱৈ হ’ল ৰোহিত শৰ্মা ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত তৃতীয়খন মেচত 212 ৰান কৰিবলৈ সক্ষম হয় ৷ 255 টা বলত দ্বি-শতক অৰ্জন কৰা ৰোহিতৰ ইনিংছত থাকে 28 টা চাৰি আৰু 6 টা ছয় ৷ ভাৰতৰ হৈ দ্বি-শতক অৰ্জন কৰা 24 সংখ্যক বেটছমেন হৈছে ৰোহিত শৰ্মা ৷
দ্বি-শতক অৰ্জন কৰা চতুৰ্থগৰাকী বেটছমেন-
- টেষ্ট ক্ৰিকেট আৰু এদিনীয়া ক্ৰিকেটত দ্বি-শতক অৰ্জন কৰা বিশ্বৰ চতুৰ্থগৰাকী বেটছমেন আৰু ভাৰতৰ তৃতীয়গৰাকী হ’ল খেলুৱৈ হ’ল ৰোহিত শৰ্মা ৷ ৰোহিতৰ পূৰ্বে এই কৃতিত্ব গঢ়িছে শচীন তেণ্ডুলকাৰ, বীৰেন্দ্ৰ ছেহৱাগ আৰু ক্ৰীছ গেইল ৷
টেষ্টত সৰ্বাধিক ছয় মৰা খেলুৱৈ-
- ৰোহিতৰ নামত খোদিত হোৱা আন এক অভিলেখ হৈছে দ্বিপাক্ষিক শৃংখলাত আটাইতকৈ বেছি ছয় মৰাৰ অভিলেখ 16 টা ছয় মাৰি এই অভিলেখৰগৰাকী হয় ৰোহিত শৰ্মা ৷ বৰ্তমান লৈকে 19 টা ছয় মাৰিবলৈ সক্ষম হৈছে ৰোহিতে ৷ ৱেষ্ট ইণ্ডিজৰ ছিমৰণ হেটমেয়াৰৰ 15 টা ছয়ৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব লাভ কৰিছে ৰোহিতে ৷