অসম

assam

ETV Bharat / sports

COVID-১৯ : পুনৰ সহায়ৰ হাত কে.এল ৰাহুলৰ - COVID যুদ্ধালৈ জুতা প্ৰদান ৰাহুলৰ

COVID-১৯ ৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া কৰ্মীসকলক প্ৰশংসা ভাৰতীয় ক্ৰিকেটাৰ কে.এল ৰাহুলৰ ।

KL Rahul hails relentless efforts of COVID-19 warriors, donates shoes
KL Rahul hails relentless efforts of COVID-19 warriors, donates shoes

By

Published : May 30, 2020, 3:58 PM IST

স্পৰ্টছ ডেস্ক, 30 মে':COVID-১৯ ৰ বিৰুদ্ধে দিনে-নিশাই যুঁজ দিয়া স্বাস্থ্য় কৰ্মীসকলক প্ৰশংসা ভাৰতীয় ক্ৰিকেটাৰ কে.এল ৰাহুলৰ । কৰ'ণা ভাইৰাছৰ জটিল সময়ত নিজৰ দায়িত্ব পালন কৰাৰ বাবে তেওঁলোকৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি চিকিৎসক, স্বাস্থ্য় কৰ্মীসকলৰ মাজত জোতা দান কৰে খেলুৱৈগৰাকীয়ে । বেংগালুৰুত এই সাহাৰ্য আগবঢ়ায় খেলুৱৈগৰাকীয়ে ।

ইয়াৰ পূৰ্বেও কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ক্ৰিকেটৰ বহু কেইটা স্মৰণীয় বস্তু নিলাম কৰি সহায় আগবঢ়াইছিল বেংগালুৰুৰ এইগৰাকী খেলুৱৈয়ে ।

ৰাহুলে কয়, মই সেইসকল লোকৰ বাবে কিবা কৰিব বিচাৰো যিয়ে এই যুদ্ধত আমাৰ বাবে নিজৰ প্ৰাণ বিপদাপন্ন কৰিছে । সেইবাবে মই কেনেকৈ সহায় কৰিব পাৰি চিন্তা কৰি পুমা শ্ব' ৰুমলৈ আহিছিলো । এই মুহূৰ্তত সবাটোকৈ গুৰুত্বপূৰ্ণ যে সকলোৱে কিছু পৰিমাণে তেওঁলোকৰ সহায়ৰ বাবে আগবাঢ়ি আহে । এই যুদ্ধ এক সামূহিক যুদ্ধ বুলি কয় ৰাহুলে ।

আনহাতে সংগ্ৰামৰ সময়ত উৎসাহৰ এটি শব্দৰ মূল্য সাফল্য লাভৰ পাচৰ শুভেচ্ছাতকৈ অধিক মূল্য়ৱান বুলি উল্লেখ কৰি সংকটৰ সময়ত অনুপ্ৰাণিত কৰাৰ বাবে কে.এল ৰাহুল আৰু পুমাক ধন্য়বাদ জ্ঞাপন কৰে বাওৰিং এণ্ড লেডী কাৰ্জন হাস্পতালৰ COVID যোদ্ধাসকলে । লগতে এনে অনুপ্ৰেৰণাৰ ফলতেই এই যুদ্ধত সফল হ'ম বুলিও কয় তেওঁলোকে ।

ABOUT THE AUTHOR

...view details