অসম

assam

By

Published : Sep 12, 2019, 9:51 PM IST

ETV Bharat / sports

দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে ঘোষণা ভাৰতীয় টেষ্ট দলৰ

ঘোষণা হ’ল ভাৰতীয় টেষ্ট দল 15 জনীয়া সদস্যৰ নাম ৷ টেষ্ট দলৰ পৰা কে.এল ৰাহুল বাহিৰ হোৱাৰ বিপৰীতে দলত স্থান লাভ শুভমন গিলৰ ৷

দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে ঘোষণা ভাৰতীয় টেষ্ট দলৰ

স্পৰ্টছ ডেস্ক, 12 ছেপ্তেম্বৰঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 2 অক্টোবৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ টেষ্ট শৃংখলাৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দলৰ ৷ বৃহস্পতিবাৰে বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতীয় টেষ্ট দলৰ 15 জনীয়া সদস্যৰ নাম ৷ য’ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰতিভাৱান খেলুৱৈ শুভমন গিলে ৷ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক এমএছকে প্ৰসাদে উল্লেখ কৰে যে, টেষ্ট ক্ৰিকেটত অপিনিং বেটছমেনৰ ভূমিকাত স্থান দিয়া হৈছে ৰোহিত শৰ্মাক ৷ আনহাতে দলৰ পৰা বাহিৰ হৈছে দুৰ্বল ফৰ্মেৰে যুঁজি থকা কে.এল ৰাহুল ৷

তিনিখন টেষ্টৰ বাবে ঘোষিত ভাৰতীয় দলটো হৈছেঃ

বিৰাট কোহলি (অঃ), ময়ংক আগৰৱাল, ৰোহিত শৰ্মা, চেতেশ্বৰ পূজাৰা, আজ্যিংকা ৰাহানে (সঃঅঃ) হনুমা বিহাৰী, ঋষভ পন্ত (উঃ), ঋদ্ধিমান শ্বাহা (উঃ), ৰবিচন্দ্ৰন আশ্বিন, ৰবিন্দ্ৰ জাডেজা, কুলদ্বীপ যাদৱ, মহম্মদ ছামী, জছপ্ৰীত বোমৰাহ, ইশান্ত শৰ্মা, শুভমন গিল

দক্ষিণ আফ্ৰিকা শৃংখলাৰ পৰা বাহিৰ ৰাহুল

2 অক্টোবৰৰ পৰা 12 ছেপ্তেম্বৰলৈ চলিব এই টেষ্ট শৃংখলা ৷ ইতিমধ্যে এই শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাৰ দলটোৰ নেতৃত্বৰ দায়িত্ব দিয়া হৈছে উইকেটকীপাৰ বেটছমেন কুইণ্টন ডি কক ক ৷

ABOUT THE AUTHOR

...view details