স্পৰ্টছ ডেস্ক, 20 ছেপ্তেম্বৰ : ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি সন্মুখ সমৰত নামিছে কিংছ ইলেভেন পাঞ্জাৱ আৰু দিল্লী কেপিটেলছ ৷ ইতিমধ্যে টছত জয় লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কিংছ ইলেভেন পাঞ্জাৱ দলৰ নৱ নিযুক্ত অধিনায়ক কে.এল ৰাহুলৰ ৷
আজিৰ মেচখনত পাঞ্জাৱ দলটোৰ অন্তিম একাদশত স্থান পোৱা চাৰি বিদেশী খেলুৱৈ হৈছে গ্লেন মেক্সৱেল, শ্লেডন কট্ৰেল, নিক’লছ পুৰণ আৰু ক্ৰিছ জৰ্ডান৷ অন্তিম একাদশত স্থান লাভ কৰাত বিফল হৈছে কেৰিবিয়ান বিস্ফোৰক ক্ৰিকেটাৰ ক্ৰীছ গেইল ৷
আনহাতে টছত পৰাজয় লাভ কৰা শ্ৰেয়াছ আয়াৰো টছত জয় লাভ কৰিলে প্ৰথমে বলিং কৰাৰ সিদ্ধান্তই গ্ৰহণ কৰিলে হয় বুলি জানিবলৈ দিয়ে ৷ লগতে দিল্লী দলটোত আজিৰ মেচখনত শিমৰণ হেটমেয়াৰ, কাগিছ ৰাবাডা, মাৰ্কাছ ষ্ট’ইনিছআৰুএৰিক নৰ্জেক বিদেশী খেলুৱৈ হিচাপে অন্তিম একাদশত স্থান দিয়াৰ কথা প্ৰকাশ কৰে অধিয়ানকগৰাকীয়ে ৷