স্পৰ্টছ ডেস্ক, 8 ছেপ্তেম্বৰ :আইপিএলৰ কলকাতা নাইট ৰাইডাৰ্ছ দলৰ অধিনায়ক দিনেশ কাৰ্তিকে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডলৈ এখন ক্ষমাপ্ৰাৰ্থনা প্ৰেৰণ কৰিছে ৷ ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ (টিকেআৰ) ড্ৰেছিং ৰূমত কাৰ্তিকক প্ৰত্যক্ষ কৰাৰ পাছতে বিচিচিআইয়ে কেন্দ্ৰীয় চুক্তিৰ নিৰ্দেশাৱলী উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷ উল্লেখ্য যে, এই নিৰ্দেশাৱলী অনুসৰি, কোনো ক্ৰিকেটাৰে বিচিচিআইৰ অনুমতি অবিহনে অন্য কোনো দলৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷ চলিত কেৰিবিয়ান প্ৰীমিয়াৰ লীগৰ 4 ছেপ্তেম্বৰৰ মেচত ট্ৰিনবাগো নাইট ৰাইডাৰ্ছ দলৰ ড্ৰেছিং ৰূমত দলটোৰ জাৰ্ছী পৰিধান কৰি থকা অৱস্থাত দিনেশ কাৰ্তিকক প্ৰত্যক্ষ কৰা হৈছিল ৷
এই সম্পৰ্কত কাৰ্তিকে মন্তব্য কৰে, "মই টিকেআৰ দলত যোগদান কৰা নাই ৷ 4 ছেপ্তেম্বৰৰ মেচখনৰ বাবে ব্ৰেণ্ডন মেককালামে মোক দলটোৰ ড্ৰেছিং ৰূমৰ পৰা মেচখন উপভোগ কৰিবলৈ আহ্বান জনাইছিল ৷ সেয়েহে মই দলটোৰ জাৰ্ছী পৰিধান কৰি মেচ উপভোগ কৰিছিলো ৷ কিন্তু এই মেচৰ পূৰ্বে বিচিচিআইৰ অনুমতি নোলোৱা বাবে মই ক্ষমা ভিক্ষা কৰিছো ৷"