স্পৰ্টছ ডেস্ক, 1 নৱেম্বৰ:অষ্ট্ৰেলিয়াৰ মেলৱৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত শুকুৰবাৰে উপস্থিত হয় বলিউডৰ ডীভা কৰীণা কাপুৰ খান ৷ 2020 চনত অনুষ্ঠিত হ'বলগীয়া পুৰুষ আৰু মহিলা টি-20 বিশ্বকাপৰ ট্ৰফী উদ্বোধন কৰে অভিনেত্ৰীগৰাকীয়ে ৷
নিজৰ ইষ্টাগ্ৰামত কিছু ফটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত উল্লেখ এনেকৈ, মেলৱৰ্ণত আই চি চি টি-20 বিশ্বকাপৰ ট্ৰফী উদ্বোধন কৰাৰ মুহূৰ্তত ৷ লগতে তেওঁ উল্লেখ কৰে,
"মই এই অনুষ্ঠানৰ অংশ হৈ নিজকে গৌৰাম্বিত অনুভৱ কৰিছো ৷ মই সেই মহিলাসকলক শলাগ লৈছো যিয়ে দেশৰ বাবে খেলি নিজৰ সপোন বোৰ বাস্তৱত ৰূপান্তৰিত কৰি আছে ৷ তেওঁলোক আমাৰ বাবে হৈছে প্ৰেৰণা ৷ মোৰ শহুৰ এজন প্ৰাক্তন ক্ৰিকেটাৰ গতিকে আজি এই স্থানত থিয় হ'ব পাই মই গৰ্ব অনুভৱ কৰিছো ৷"