নিউজ ডেস্ক, 6 জানুৱাৰী : 1983 চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলক বিশ্ব চেম্পিয়ন কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন ক্ৰিকেটাৰ তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱৰ আজি 62 সংখ্যক জন্মদিন ৷ ভাৰতক প্ৰথমবাৰৰ বাবে বিশ্ব কাপৰ মুকুট পিন্ধাবলৈ সক্ষম হোৱা কপিল দেৱে আজি 62 বছৰত ভৰি দিলে ৷
এই উপলক্ষে বুধবাৰে প্ৰায় সংখ্যক ভাৰতীয় ক্ৰিকেটাৰে কপিল দেৱক টুইটাৰযোগে জন্মদিনৰ শুভেচ্ছা দিয়া দেখা যায় ৷ ভাৰতীয় ক্ৰিকেটাৰ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে টুইটাৰত লিখিলে, " জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি আপোনাৰ আগন্তক সময়খিনি আনন্দময় হওঁক আৰু আপুনি সুস্বাস্থ্যৰ অধিকাৰী হোৱা তাৰে কামনা কৰিছো ৷"
ইফালে, ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলীয়ে জন্মদিনৰ শুভেচ্ছা জনোৱা লগতে পৰিয়ালৰ লোকলৈ আজিৰ আনন্দময় দিনটোৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ৷ ইয়াৰ সমান্তৰালভাৱে য়ুৱৰাজ সিঙে টুইটাৰত লিখে এইদৰে, "ভাৰতীয় চেম্পিয়ন আৰু সৰ্বশ্ৰেষ্ঠ অলৰাউণ্ডাৰজনলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো ৷ আগন্তক সময়ত আপুনি সু-স্বাস্থ্যৰ অধিকাৰী হওঁক ৷"