অসম

assam

By

Published : Jan 6, 2020, 1:39 PM IST

ETV Bharat / sports

আজি বিশ্বচেম্পিয়ন কপিল দেৱৰ জন্মদিন

ভাৰতক প্ৰথমবাৰৰ বাবে বিশ্বচেম্পিয়নৰ সোৱাদ দিয়া প্ৰাক্তন অধিনায়ক কপিল দেৱৰ আজি 61 সংখ্যক জন্মদিন ৷

আজি বিশ্বচেম্পিয়ন কপিল দেৱৰ জন্মদিন
আজি বিশ্বচেম্পিয়ন কপিল দেৱৰ জন্মদিন

স্পৰ্টছ ডেস্ক, 6 জানুৱাৰীঃআজি 61 বছৰত ভৰি দিলে ভাৰতক 1983 চনত প্ৰথমবাৰৰ বাবে বিশ্বচেম্পিয়নৰ সোৱাদ দিয়া অধিনায়ক কপিল দেৱে ৷ বিশ্ব ক্ৰিকেটজগতৰ লগতে ভাৰতীয় ক্ৰিকেটত আজিও এগৰাকী সফল অলৰাউণ্ডাৰ হিচাপে গণ্য কৰা হয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক ৷

1959 চনৰ 6 জানুৱাৰীত চণ্ডীগড়ত এটা খড়ী বিক্ৰী কৰা পৰিয়ালত জন্ম হৈছিল কপিল দেৱৰ ৷ ভাৰত-পাকিস্তান বিভাজনৰ পূৰ্বে পৰিয়ালটো পাকিস্তানত আছিল যদিও বিভাজনৰ পিচত ভাৰতলৈ আহে ৷ সৰুৰ পৰাই খেলৰ প্ৰতি যথেষ্ট ধাওতি আছিল কপিল দেৱৰ ৷ তাৰ পাচতেই প্ৰথমবাৰৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ দেশপ্ৰেম আজাদে তেওঁক প্ৰশিক্ষণ দিছিল ৷

1983 চনৰ বিশ্বকাপ ট্ৰফীৰ সৈতে কপিল

1975 চনত পোন প্ৰথমবাৰৰ বাবে হৰিয়াণাৰ হৈ ৰঞ্জী ট্ৰফীত অংশ ল’বলৈ সুযোগ লাভ কৰিছিল কপিল দেৱে ৷ য’ত 6 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল খেলুৱৈগৰাকীয়ে ৷ লগতে সেই ছিজনত মুঠ 121 টা উইকেট লাভ কৰিছিল খেলুৱৈগৰাকীয়ে ৷

দুৰ্দান্ত প্ৰদৰ্শনৰ বাবেই পিচত তেওঁক ইৰাণী ট্ৰফী, বিল্স ট্ৰফীত খেলাৰ সুযোগ দিয়া হৈছিল ৷ টেষ্ট ক্ৰিকেটত 1978 চনৰ 16 অক্টোবৰত অভিষেক ঘটিছিল কপিল দেৱৰ ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমটো শতক অৰ্জন কৰা কপিলে 25 খন মেচতেই 100 টা উইকেট আৰু 1000 ৰান সম্পূৰ্ণ কৰি প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈৰ অভিলেখ গঢ়িছিল ৷

1982 চনত এবাৰ সুনীল গাভাস্কাৰক দলৰ পৰা বিশ্ৰাম দিয়াত অধিনায়কৰ দ্বায়িত্ব লাভ কৰিছিল কপিলে ৷ তাৰ পিচৰ পৰাই সম্পূৰ্ণভাৱে অধিনায়কৰ দ্বায়িত্ব লাভ কৰিছিল কপিল দেৱে আৰু তেওঁৰ নেতৃত্বতেই 1983 চনৰ ফাইনেলত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ভাৰতে বিশ্বকাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷ বিশ্বকাপত তেওঁ মুঠ 12 টা উইকেট দখল কৰাৰ লগতে সংগ্ৰহ কৰিছিল 303 ৰান ৷

83 ৰ ভাৰতীয় ক্ৰিকেট দল

1994 চনত ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল চেম্পিয়ন খেলুৱৈগৰাকীয়ে ৷ মন কৰিবলগীয়া কথা এই যে, 184 খন টেষ্ট ইনিংছত কেতিয়াও ৰান আউট হোৱা নাছিল কপিল দেৱ ৷ 400 ত কৈ অধিক উইকেট আৰু 5000 ৰান সম্পূৰ্ণ কৰা বিশ্বৰ একমাত্ৰ খেলুৱৈ হৈছে কপিল দেৱ ৷ ইটিভি ভাৰতৰ তৰফৰ পৰাও কিংবদন্তি প্ৰাক্তন খেলুৱৈগৰাকীক তেওঁৰ 64 সংখ্যক জন্মদিনৰ বহুত-বহুত শুভকামনা ৷

ABOUT THE AUTHOR

...view details