স্পৰ্টছ ডেস্ক, 23 জানুৱাৰীঃ শুকুৰবাৰৰ পৰা ভাৰতৰ বিৰুদ্ধে পাঁচখন টি-20 শৃংখলাৰ প্ৰথমখন মেচত মুখামুখি হ’ব নিউজিলেণ্ড ৷ কিন্তু ইয়াৰ পূৰ্বেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পিচতেই অধিনায়কৰ দায়িত্বক লৈ মেক্কুলামৰ সমালোচনাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নিউজিলেণ্ডৰ বৰ্তমানৰ অধিনায়ক কেন উলিয়ামচনে ৷
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা ভূমিতেই বক্সিং ডে টেষ্টত 3-0 ব্যৱধানত শোচনীয় পৰাজয়ৰ পাচতেই অধিনায়কৰ দায়িত্বক লৈ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে উলিয়ামচন ৷ নিউজিলেণ্ডৰ প্ৰাক্তন খেলুৱৈ মেক্কুলামে কয়, উলিয়ামচনৰ অধিনায়কৰ ভূমিকাত বৰ্তমান মই সেই আনন্দ লাভ কৰিব পৰা নাই, যাৰ বাবে অন্তত টি-20ৰ অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি লওক তেওঁ ৷