স্পৰ্টছ ডেস্ক, 18 নৱেম্বৰ :সোঁহতীয়া বেগী বলাৰ এন্দ্ৰিউ টাইয়ে কেন ৰিচাৰ্ডছনৰ পৰিৱৰ্তে অষ্ট্ৰেলিয়াৰ স্কোৱাডত স্থান লাভ কৰিছে ৷ ভাৰতৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু তিনিখন টি-20 মেচৰ বাবে দলত স্থান লাভ কৰিছে টাইয়ে ৷
ক্ৰিকেট অষ্ট্ৰেলিয়াই (Cricket Australia) এক বিবৃতিত জানিবলৈ দিয়ে যে, পত্নী আৰু নৱজাতক সন্তানৰ সৈতে সময় কটাবৰ বাবে স্কোৱাডৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে কেন ৰিচাৰ্ডছনে ৷ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় নিৰ্বাচক ট্ৰেভৰ হোনছে বুধবাৰে কয়, "এয়া কেনৰ বাবে কঠিন সিদ্ধান্ত আছিল যদিও তেওঁ নিৰ্বাচক আৰু অষ্ট্ৰেলিয়াৰ সমগ্ৰ স্কোৱাডৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ল ৷"
তেওঁ কয়, "কেনে পত্নী নিকী আৰু সন্তানৰ সৈতে এডিলেইডত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিলে ৷ আমি সদায়ে খেলুৱৈ আৰু তেওঁলোকৰ পৰিয়ালক সমৰ্থন জনাই আহিছো, যিকোনো কঠিন পৰিস্থিতিতো আমি তেওঁলোকৰ সৈতে থিয় দিম ৷ তেওঁৰ দললৈ প্ৰদান কৰিবলগা অৱদান আমি মনত পেলাম যদিও তেওঁৰ সিদ্ধান্তক সন্মান জনাওঁ ৷"