স্পৰ্টছ ডেস্ক, 20 ছেপ্তেম্বৰ : আইপিএল-2020 ৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বেই ৰাজস্থান ৰয়েলছৰ অনুৰাগীৰ বাবে আহি পৰিছে দুঃখবৰ ৷ দলটোৰ প্ৰথমখন মেচৰ পৰা বাহিৰ হ’ল ইংলেণ্ডৰ বিস্ফোৰক খেলুৱৈ জ’ছ বাটলাৰ ৷ কোৱাৰেণ্টাইন প্ৰট’কল অনুসৰি ডুবাইত উপস্থিত হোৱাৰ পাচত কোৱাৰেণ্টাইনত থাকিব লাগিব খেলুৱৈগৰাকী ৷ যাৰ বাবে প্ৰথমখন মেচত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব খেলুৱৈগৰাকী ৷
ৰাজস্থান ৰয়েলছৰ ইষ্টাগ্ৰাম পেজৰ পৰা লাইভ আহি এই কথা উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ৷ বাটলাৰে কয়, ‘‘মই ৰাজস্থান ৰয়েলছ দলৰ হৈ প্ৰথমখন মেচত অংশগ্ৰহণ নকৰো ৷ কাৰণ মই বৰ্তমানে ইয়াত কোৱাৰেণ্টাইনত আছো ৷ মই ৰাজস্থান ৰয়েলছৰ ওচৰত চিৰ কৃতজ্ঞ মোৰ পৰিয়ালক মোৰ সৈতে ডুবাইলৈ আনিবলৈ অনুমতি দিয়াৰ বাবে ৷’’মোৰ পৰিয়াল একেলগে থকাৰ বাবে তেওঁৰ বহু সুবিধাও হ’ব বুলিও কয় খেলুৱৈগৰাকীয়ে ৷