স্পৰ্টছ ডেস্ক, 10 আগষ্ট : দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেটছমেন তথা সৰ্বকালৰ মহান ফিল্ডাৰ সকলৰ অন্যতম জন্টী ৰোডছে ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনালৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে ৷ বিচিচিআইয়ে ৰাইনাৰ আঁঠুৰ অস্ত্ৰোপচাৰৰ খবৰ টুইটাৰৰ জৰিয়তে শ্বেয়াৰ কৰাৰ পাছতে বাৰ্তা প্ৰেৰণ কৰে ৰোডছে ৷
ৰোডছে টুইটাৰত লিখে যে, নিজ কেৰিয়াৰত অসাধাৰণ কৰ্ম নৈতিকতাৰ জৰিয়তে ৰাইনা সকলোৰে অনুপ্ৰেৰণা হৈ আহিছে ৷ অস্ত্ৰোপচাৰৰ পাছতে আৰাম নোলোৱাকৈ পুনৰ প্ৰশিক্ষণলৈ ৰাইনা সাজু হৈ পৰিব বুলি মন্তব্য কৰি বিশ্ৰাম ল'বলৈ আহ্বান জনাই ৰোডছে ৷