স্পৰ্টছ ডেস্ক, ২৯ মে':বিশ্ব তথা দেশত চলি থকা COVID-১৯ ৰ মহামাৰীৰ ভয়ংকৰ ৰূপৰ বাবেই বৰ্তমানে ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে সকলো খেলুৱৈ । বৃহস্পতিবাৰে পুৱাৰ অনুশীলনৰ সময় বাৰুকৈ মনত পৰা বুলি উল্লেখ কৰে ভাৰতীয় দলৰ দ্ৰুতবেগী বলাৰ জছপ্ৰীত বোমৰাহে । লক্ ডাউনৰ ফলত প্ৰায় দুমাহতকৈ অধিক সময় ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে ক্ৰিকেটাৰ সকল । যাৰ বাবে কোনো প্ৰতিযোগিতা, অনুশীলনতেই অংশ ল'ব পৰা নাই খেলুৱৈসকলে ।
লক্ ডাউনৰ মাজতে পুৱাৰ অনুশীলন মনত পেলালে জছপ্ৰীত বোমৰাহে - জছপ্ৰীত বোমৰাহ
কৰ'ণা ভাইৰাছৰ ফলত এতিয়া স্তব্ধ ক্ৰীড়া জগত । সেয়েহে পুৱাৰ অনুশীলন বাৰুকৈয়ে মনত পৰা বুলি উল্লেখ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰতিভাৱান খেলুৱৈ জছপ্ৰীত বোমৰাহে ।
Jasprit Bumrah is 'missing early morning training sessions' amid lockdown
বৃহস্পতিবাৰে টুইটাৰৰ জৰিয়তে বোমৰাহে পুৱাৰ অনুশীলনৰ সময়-সূচী মনত পৰা বুলি মন্তব্য কৰে । এই টুইটৰ সৈতে এখন পুৰণি ফটোও শ্বেয়াৰ কৰে বোমৰাহে ।
উল্লেখ্য় যে, শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ ইয়ান বিশ্বপে বোমৰাহৰ প্ৰশংসা কৰি বুমৰাহক "এই প্ৰজন্মৰ প্ৰতিভা" বুলি উল্লেখ কৰিছিল । বোমৰাহ বৰ্তমান আইচিচি এদিনীয়া ক্ৰিকেটৰ বিশ্বৰ এক নম্বৰ ৰেংকিঙৰ খেলুৱৈ ।