স্পৰ্টছ ডেস্ক, 12 জুলাইঃ বাৰ্মিংহামত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেল মেচ ৷ সন্মুখ সমৰত নামিছিল ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া ৷ ইংলেণ্ডে মেচখনত 8 উইকেটৰ জয় লাভেৰে 27 বছৰ বিশ্বত বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে যদিও জৰিমনাৰ সন্মুখীন হয় ইংলেণ্ডৰ অ’পেনাৰ বেটছমেন জেছন ৰয় ৷ আম্পায়ৰৰ সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰাৰ বাবেই খেলুৱৈগৰাকীৰ ওপৰত 30 শতাংশ জৰিমনা লগতে দুটা ডিমেৰিট পইণ্ট লগোৱা হয় ৷
ক্ৰিকেটাৰ জেছন ৰয়ৰ ওপৰত জৰিমনা - ENGLAND
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা দ্বিতীয়খন ছেমিফাইনেলত আম্পায়াৰৰ সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰাৰ বাবে জৰিমণাৰ সন্মুখীন হ'ল জেছন ৰয় ৷

জেছন ৰয়ৰ ওপৰত জৰিমনা
উল্লেখ যোগ্য যে, প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই 224 ৰানৰ লক্ষ্য বান্ধি দিয়া হৈছিল ইংলেণ্ডক ৷ ইংলেণ্ডে প্ৰত্যুত্তৰত বেটিং কৰিবলৈ আহি জেছন ৰয়ে ব্যক্তিগত স্কৰ 85 ৰান কৰি থকা সময়ত অষ্ট্ৰেলিয়াৰ খেলুৱৈৰ আপিলৰ পিচত ফিল্ড আম্পায়াৰে উইকেটৰ পিচত কেট্ছ আউট দিয়ে খেলুৱৈগৰাকীক ৷ তাৰ পাচতেই অসন্তুষ্টি প্ৰকাশ কৰিছিল ৰয়ে ৷ অৱশ্যে ভিডিঅ’ ৰিপ্লেত স্পষ্টকৈ দেখা পোৱা গৈছিল যে বেট-গ্লবছৰ সৈতে বলৰ সম্পৰ্ক হোৱা নাছিল ৷