স্পৰ্টছ ডেস্ক, 23 মাৰ্চ : প্ৰাক্তন ভাৰতীয় বেটছমেন শচীন তেণ্ডুলকাৰে দেওবাৰে সমগ্ৰ দেশবাসীক প্ৰশংসা আগবঢ়ায় ৷ তেওঁ মন্তব্য কৰে যে, Covid-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে দেশবাসীয়ে জনতা কাৰ্ফিউ সমৰ্থন কৰাৰ লগতে জৰুৰীকালিন অৱস্থাত অতিৰিক্ত দায়িত্ব পালন কৰাসকলক সমৰ্থন জনাই এক ৰাষ্ট্ৰ হিচাপে একত্ৰিত হ'বলৈ সক্ষম হৈছে ৷
"নিজ ঘৰতে বহি থাকিও দেশবাসী একত্ৰিত হ'বলৈ সক্ষম হৈছে ৷ আমি ঘৰত আশ্ৰয় লোৱাৰ সময়তে বহুসংখ্যক লোকে নিঃস্বাৰ্থ ভাৱে নিজৰ দায়িত্ব পালন কৰি আছে ৷"
"আমাৰ বাবে দায়িত্ব পালন কৰি থকাসকলক মই ধন্যবাদ জনাইছো ৷ আজি প্ৰদৰ্শন কৰা এই নিয়মানুৱৰ্তিতা আৰু দায়বদ্ধতা সদায় অব্যাহত ৰখা উচিত," টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰে তেণ্ডুলকাৰে ৷
ইয়াৰ পাচতে হাত চাপৰি বজাই এটা ভিডিঅ' পোষ্ট কৰে 46 বৰ্ষীয় মাষ্টাৰ ব্লাষ্টাৰ গৰাকীয়ে ৷
উল্লেখ্য যে, দেওবাৰে চিকিৎসক আৰু চিকিৎসাখণ্ডত জড়িত সকলোকে এই জৰুৰীকালিন অৱস্থাত দায়িত্ব পালন কৰা বাবে হাত চাপৰি, বেল আৰু শংখ বজাই জয়ধ্বনি দিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সন্ধিয়া 5 বজাত 5 মিনিটৰ বাবে জয়ধ্বনি দিবলৈ জনোৱা এই আহ্বানক সকলোৱে পালন কৰা পৰিলক্ষিত হৈছিল ৷
ভাৰতীয় ক্ৰীড়া পৰিয়ালেও ৰাষ্ট্ৰজুৰি চলা এই বিপ্লৱত অংশগ্ৰহণ কৰে ৷ এই কাৰ্যত অংশগ্ৰহণ কৰে মল্লযুঁজাৰু বজৰংগ পুনিয়া, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰশিক্ষক অনিল কুম্বলে, ভাৰোত্তোলক মিৰাবাই চানু আৰু স্প্ৰীন্টাৰ হিমা দাসে ৷
আৰু পঢ়ক : কাইলৈ অন্ত পৰিব বিধানসভাৰ বাজেট অধিবেশন